গুৱাহাটী, ১৫ অক্টোবৰ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য প্ৰকাশ হোৱাৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ। যোৱা ১২ অক্টোবৰৰ পৰা আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয় আৰু CIDৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছিল। হঠাতে নিশাৰ ভিতৰতে অন্তৰ্ধান হ'ল সঞ্জিত কৃষ্ণ। উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰাক্তন আৰক্ষী অধীক্ষকগৰাকীৰ কৰিমগঞ্জৰ বাসভৱনৰ পৰা ফাদিল হোৱা সন্দৰ্ভত বিভিন্ন উত্সৰ পৰা প্ৰমাণ লাভ কৰাৰ পিছতে আশ্চৰ্যজনক ভাৱে সন্ধানহীন হোৱাৰ কথা পোহৰলৈ আহিছে।
সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ পিছতো দুদিন জেৰা কৰাৰ পিছত তেওঁক নিশা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল। ইয়াৰ পিছৰে পৰা সন্ধান নাই সঞ্জিত কৃষ্ণৰ। তেওঁৰ ওপৰত নজৰ ৰাখিবলৈ প্ৰহৰীৰো ব্যৱস্থা কৰা নাছিল আৰক্ষীয়ে। কেৱল এয়াই নহয়, গৃহবন্দীও কৰা হোৱা নাছিল। আৰক্ষীয়ে উমানেই নাপালে সঞ্জিত কৃষ্ণ ক'লৈ গ'ল। তৃতীয় দিনা সাক্ষ্য দিবলৈ CIDৰ কাৰ্যালয়লৈ নহাত অন্তৰ্ধান হোৱাৰ কথা পোহৰলৈ আহে। ইয়াৰ পিছতে অভিযুক্ত আৰক্ষী অধীক্ষকগৰাকীৰ গুৱাহাটীৰ কাছাৰীবস্তিস্থিত বাসগৃহত তালাচী অভিযান চলোৱা হয়। সমগ্ৰ ঘটনাই CIDৰ তদন্তৰ ক্ষেত্ৰতো সন্দেহৰ অৱকাশ থকাৰ ইংগিত বহন কৰিছে।