অসম

assam

ETV Bharat / state

Shyamoli Campus program of Assam Govt :শ্যামলী চৌহদ কাৰ্যসূচীৰ শুভাৰম্ভ - Assam CM launched Shyamoli Campus

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই CMIPPৰ অধীনত 'শ্যামলী চৌহদ' নামেৰে বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam CM launched Shyamoli Campus)। অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত ১৭ জুলাইৰ পৰা ১৫ আগষ্টলৈ চলিব এই কাৰ্যসূচী । ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, পৰিষদ, নগৰীয়া স্থানীয় নিকায়-নিগম, স্বায়ত্ত্ব শাসিত পৰিষদ, পঞ্জীভুক্ত সংস্থা আৰু শিক্ষানুষ্ঠানৰ ৮০,০০০ তকৈও অধিক প্ৰাতিষ্ঠানিক চৌহদক সামৰি লোৱা হ'ব ।

Assam
শ্যামলী চৌহদ কাৰ্যসূচীৰ শুভাৰম্ভ

By

Published : Jul 17, 2022, 4:48 PM IST

গুৱাহাটী,১৭ জুলাই :আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি দেওবাৰে দিছপুৰৰ জনতা ভৱনৰ প্ৰাংগনত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ (Chief Minister's Institutional Plantation Project) অধীনত 'শ্যামলী চৌহদ' নামেৰে বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় (Shyamoli Campus launch under CMIPP in Assam)। জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপণেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam CM launched Shyamoli Campus)।

শ্যামলী চৌহদ কাৰ্যসূচীৰ শুভাৰম্ভ

গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভৱিষ্যৎ প্রজন্মৰ বাবে পৰিৱেশ সংৰক্ষণৰ দৃষ্টিভংগীৰে এই কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে । মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকী আনন্দিত বুলি মন্তব্য কৰে । অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ১৭ জুলাইৰ পৰা ১৫ আগষ্টলৈ এই কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে । ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, পৰিষদ, নগৰীয়া স্থানীয় নিকায়-নিগম, স্বায়ত্ত্ব শাসিত পৰিষদ, পঞ্জীভুক্ত সংস্থা আৰু শিক্ষানুষ্ঠানৰ ৮০,০০০ তকৈও অধিক প্ৰাতিষ্ঠানিক চৌহদক সামৰি লোৱা হ'ব ।

শ্যামলী চৌহদ কাৰ্যসূচীৰ শুভাৰম্ভ

ইয়াৰ অংশ স্বৰূপে গুৰুত্বপূর্ণ থলুৱা প্ৰজাতিৰ গছপুলি প্ৰাতিষ্ঠানিক চৌহদত ৰোপণ কৰাৰ পাছত বিষয়া-কর্মচাৰী, শিক্ষার্থী আদিয়ে সঠিক যতন লোৱাৰ লগতে এক সমৰ্পিত ৱেব-প'ৰ্টেলৰ জৰিয়তে নির্ধাৰিত সময়ৰ মূৰে মূৰে তিনি বছৰলৈ উদ্ভিদবোৰৰ জিঅ'-টেগ যুক্ত আলোকচিত্ৰ আপলোড কৰিব লাগিব ।

গছপুলি ৰোপণ, গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱর্তনৰ প্রশমনত সামূহিক সজাগতাৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰাত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিশ্বাসী মুখ্যমন্ত্ৰীগৰাকী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি ৭৫ টাকৈ গছপুলিক অমৃত বৃক্ষ হিচাপে ৰোপণ কৰি কাৰ্যসূচীটো অমৃত বৃক্ষ মহোৎসৱলৈ ৰূপান্তৰ কৰিবলৈ অনুৰোধ জনায় ।

শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী ক্ৰমে অতুল বৰা, ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, ইউ জি ব্ৰহ্ম, যোগেন মহন, নন্দিতা গাৰ্লোছা আৰু জয়ন্ত মল্লবৰুৱা, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Plastic recycled machine: তিতাবৰ পৌৰসভাত প্লাষ্টিকৰ পুনৰ ব্যৱহায্য যন্ত্ৰ নিৰ্মাণ

For All Latest Updates

ABOUT THE AUTHOR

...view details