গুৱাহাটী, 25 জানুৱাৰীঃ অসমৰ অন্যান্য সম্প্ৰদায় সমূহৰ ভিতৰত সূত সম্প্ৰদায় অন্যতম । চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত প্ৰকাশ কৰা হৈছে সূত সম্প্ৰদায়ৰ বিকৃত ইতিহাস ৷
উল্লেখ্য যে, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডে নৱম আৰু দশম শ্ৰেণীৰ বাবে উলিওৱা দ্ৰুতপাঠ 'বৈচিত্ৰময় অসম' নামৰ কিতাপ খনত প্ৰথম পৃষ্ঠাতে আছে 'আদিপাঠ' নামৰ অধ্যায় ৷ এই অধ্যায়তে অসমৰ কিছু জনগোষ্ঠীৰ চমু পৰিচয় আগবঢ়াইছে নৱ কুমাৰ ডেকা বৰুৱাই । য'ত সূত সম্প্ৰদায়ৰ ভুল বাখ্যা দাঙি ধৰিছে লেখকগৰাকীয়ে ৷ যাৰ ফলত সদৌ অসম সূত সন্মিলন সৰৱ হৈ পৰিছে ।
চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত বিকৃতকৰণ সূত সম্প্ৰদায়ৰ ইতিহাস! আনহাতে, বিষয়টো সন্দৰ্ভত সদৌ অসম সূত সন্মিলনৰ সভাপতি পৰাগ গায়ণে মন্তব্য আগবঢ়াই কয়, "বুৰঞ্জী নজনা লেখকৰ দ্বাৰা পুথি প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী সকলক বিপথে পৰিচালিত কৰিব বিচৰা হৈছে । সূত সম্প্ৰদায়ৰ যি সংজ্ঞা আমি পুথি খনত যি প্ৰত্যক্ষ কৰিলো এয়া সচাকৈয়ে দুখলগা । আমি শিক্ষা বিভাগক শীঘ্ৰে কিতাপ খন প্ৰকাশ বন্ধ কৰি ৰাখিবৰ বাবে অনুৰোধ জনালো ৷" লগতে বিতৰণ কৰা পুথি ঘূৰাই আনি পুনৰ নতুন পুথি চপা কৰিবৰ বাবে দাবী জনালে সভাপতি গৰাকীয়ে ।
আৰু পঢ়কঃ বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু