গুৱাহাটী, ১৫ নৱেম্বৰ: নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই গৰম হৈছে অসমৰ ৰাজনীতি । ১৩ নৱেম্বৰত কোকৰাঝাৰৰ ছালাকাটিত এখন নিৰ্বাচনী সভাত ভাগ লৈছিল প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস আৰু মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই । সভাখন আছিল বিজেপিৰ ; কিন্তু অথন্তৰ লাগিল কংগ্ৰেছত ৷ কিয়নো সভাখনতে ড0 শৰ্মা আৰু ৰঞ্জিৎ দাসৰ সৈতে মঞ্চত একে শাৰীতে দেখা গ’ল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন আক্ৰাছু নেতা বিশ্বজিৎ ৰয়ক । লগে লগে হাহাকাৰ লাগিল প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰত ৷
বিশ্বজিৎ ৰয়লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ - কাৰণ দৰ্শোৱাৰ জাননী
কিয়নো সভাখনতে ড0 শৰ্মা আৰু ৰঞ্জিৎ দাসৰ সৈতে মঞ্চত একে শাৰীতে দেখা গ’ল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন আক্ৰাছু নেতা বিশ্বজিৎ ৰয়ক ।
বিশ্বজিৎ ৰয়লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ
ইয়াৰ বাবে আজি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে বিশ্বজিৎ ৰয়ক । বিশ্বজিৎ ৰয়ে সভাখনত ড0 হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিৎ দাসৰ লগত একেলগে উপস্থিত থকাৰ বাবে তিনিদিনৰ ভিতৰত উত্তৰ দিব লাগিব কংগ্ৰেছ দলক ৷
লগতে পঢ়ক: 2021: বিহাৰত ওৱেইছিয়ে লোৱা ভূমিকা অসমত পালন কৰিব আজমলে