অসম

assam

ETV Bharat / state

সচিবালয়ত অৰাজকতা; নিৰ্দেশ স্বত্বেও চকী নেৰে বহু বিষয়াই - মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা

ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাটোত সংস্কাৰ সাধিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই তেওঁৰ প্ৰতিখন কেবিনেট বৈঠকত ইটোৰ পিছত সিটোকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও খোদ ৰাজ্যৰ প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন অৰ্থাৎ অসম সচিবালয়তে একাংশ বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰা হৈছে চৰকাৰী নিৰ্দেশক ।

assam secretariat
সচিবালয়ত অৰাজকতাঃ নিৰ্দেশ স্বত্বেও চকী নেৰে বহু বিষয়াই

By

Published : Oct 22, 2021, 7:23 PM IST

গুৱাহাটী, ২২ অক্টোবৰ : ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাটোত সংস্কাৰ সাধিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই তেওঁৰ প্ৰতিখন কেবিনেট বৈঠকত ইটোৰ পিছত সিটোকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও খোদ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন অৰ্থাৎ অসম সচিবালয়তে একাংশ বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰা হৈছে চৰকাৰী নিৰ্দেশক ।

বিভাগীয় কৰ্তৃপক্ষই বদলিৰ নিৰ্দেশ জাৰি কৰাৰ পিছতো "লাভজনক" চকী এৰি নিদিয়াৰ দৰে ঘটনাও সংঘটিত হৈছে সচিবালয়ত । যাৰ বাবে তেনে একাংশ বিষয়া-কৰ্মচাৰীক ইতিমধ্যে বিভাগীয় ভাবে কৈফিয়তো তলব কৰা হৈছে । মনকৰিবলগীয়া যে ইতিমধ্যে প্ৰশাসনিক সংস্কাৰৰ অংশ স্বৰূপে সচিবালয় প্ৰশাসন বিভাগটোক সাধাৰণ প্ৰশাসন বিভাগৰ সৈতে একত্ৰিত কৰা হৈছে ।

তৎস্বত্বেও সচিবালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে প্ৰায় দহ পোন্ধৰ বছৰ জুৰি একেটা স্থানতে কৰ্মৰত হৈ আছে । অথচ একে স্থানত কোনো চৰকাৰী কৰ্মচাৰীয়ে তিনি বছৰ অতিক্ৰম কৰিলেই তেওঁক বদলি কৰাটো নিয়ম ।

বিগত জুলাই মাহতে সাধাৰণ প্ৰশাসন বিভাগে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া কংকন ভাগৱতী, বিত্ত বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া চিত্ৰমল বৈশ্য, নিৰু গোহাঁই আদিকে ধৰি বহুকেইগৰাকী বিষয়াক বিভিন্ন বিভাগলৈ বদলিৰ নিৰ্দেশ দিছিল । কিন্তু আজিকোপতি এইসকল বিষয়াৰ বেছিভাগেই নামানিলে সেই নিৰ্দেশ । ফলত এতিয়া বাধ্য হৈ সাধাৰণ প্ৰশাসন বিভাগে নিৰ্দেশ নমনা সেইসকল বিষয়াক কৈফিয়ৎ তলব কৰিছে ।

লগতে পঢ়ক:ভাৰতীয় নাগৰিকত্ব বিচাৰি 4046 গৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ আবেদন

ABOUT THE AUTHOR

...view details