অসম

assam

ETV Bharat / state

মহাজোঁটত মহা অথন্তৰ: বিধায়ক আমিনুলক কাৰণ দৰ্শোৱাৰ জাননী - এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম

'কা' ক লৈ মহাজোঁটত মহা অথন্তৰ ৷ 'কা' ক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফে গঠন কৰা মহাজোঁটত লাগিছে কেনা ৷ ৰাজহুৱাকৈ মহাজোঁটৰ এটা অন্যতম অংশীদাৰ দল কংগ্ৰেছৰ ভিতৰুৱা কথাত মাত মাতি নিজ দলতেই বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম ৷ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱক লৈ কৰা মন্তব্যৰ পাছতে এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বই আমিনুল ইছলামলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷

as_ghy_01_show_cause_notice_to_aminul_islam_img_7206058
show cause notice to mla aminul islam

By

Published : Feb 18, 2021, 3:23 PM IST

গুৱাহাটী, 18 ফেব্ৰুৱাৰী:বিজেপিক ভেটিবলৈ মূলতঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে গঠন কৰা মহাজোঁটত কেনা লাগিছে । 'কা' ক কেন্দ্ৰ কৰি অথন্তৰৰ সৃষ্টি হৈছে মহাজোঁটত । যাৰ ফলত এতিয়া মহাজোঁটত দুই প্ৰধান অংশীদাৰ কংগ্ৰেছ আৰু এ আই ইউ এফে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰিবলৈও আৰম্ভ কৰা পৰিলক্ষিত হৈছে । পৰিস্থিতি যদি এনে হৈ থাকে তেন্তে আৰু মাত্ৰ ডেৰ-দুটা মাহৰ পিছত অনুষ্ঠিত হ'ব লগীয়া বিধানসভাৰ নিৰ্বাচনলৈকে এই মহাজোঁট থাকিবগৈনে নাথাকিব তাকে লৈও ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে 'কা' সমৰ্থন কৰা বিষয়টোত জাঙুৰ খাই উঠি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সুস্মিতা দেৱক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল । কিয়নো, 'কা' বিৰোধিতাৰ বিষয়টোকেই মূল বিষয় হিচাপে লৈ মহাজোঁট গঠন কৰিছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে । তেনেক্ষেত্ৰত মহাজোঁট অংশীদাৰ হৈও কেনেকৈ সুস্মিতা দেৱে এনে মন্তব্য কৰিব পাৰিলে তাকে লৈও প্ৰশ্ন উত্থাপন হৈছে ।

বিধায়ক আমিনুলক কাৰণ দৰ্শোৱাৰ জাননী

ইফালে ৰাজহুৱাকৈ মহাজোঁটৰ এটা অন্যতম অংশীদাৰ দল কংগ্ৰেছৰ ভিতৰুৱা কথাত মাত মাতি এতিয়া নিজৰ দলতেই বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম । ইতিমধ্যে এই বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ আমিনুল ইছলামক এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিছে । তেওঁলৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী । সাত দিনৰ ভিতৰত তেওঁক এই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে । গতিকে নিজৰ মাজতেই উদ্ভৱ হোৱা এনে খিয়লা খিয়লিত নিৰ্বাচন পৰ্যন্ত মহাজোঁট তিষ্ঠি থাকিব নে নাই তাকে লৈ এতিয়া প্ৰশ্ন উঠিছে ।

লগতে পঢ়ক:হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক

ABOUT THE AUTHOR

...view details