গুৱাহাটী, ২ জানুৱাৰী : মাত্ৰ দুদিন পূৰ্বে অন্ত পৰিল অসম বিধানসভাৰ শীতকালিন অধিবেশন । তিনি দিনৰ বাবে এই অধিবেশন অনুষ্ঠিত হৈছিল । শেহতীয়াকৈ এক নতুন প্ৰৱণতা পৰিলক্ষিত হৈছে । সেয়া হ’ল অসম বিধানসভাৰ অধিবেশন সমূহ অনুষ্ঠিত কৰা হয় তেনেই কম সময়ৰ বাবে । যদিওবা বিধানসভা অধিবেশনৰ সময়সূচী আৰু কাৰ্যক্ৰমণিকা চূড়ান্ত কৰে বিধানসভাৰ কাৰ্য পৰিচালনা সমিতিয়ে । কিন্তু তেনেই কম সময়ৰ বাবে অনুষ্ঠিত কৰা এই অধিবেশন সমূহত গৃহীত কৰা হয় বহু সংখ্যক গুৰুত্বপূৰ্ণ বিধেয়ক । যাৰ ফলত বহু গুৰুত্বপূৰ্ণ বিধেয়কৰ কোনো আলোচনা বা সংশোধনীৰো অৱকাশ নাথাকে বিধানসভাৰ মজিয়াত ।
উদাহৰণ স্বৰূপে সদ্যসমাপ্ত শীতকালিন অধিবেশন অনুষ্ঠিত হৈছিল মাত্ৰ তিনি দিনৰ বাবে । এই তিনি দিনৰ অধিবেশনত গৃহীত কৰা হ'ল ১১ খনকৈ বিধেয়ক । মাদ্ৰাছা বন্ধ, মাইক্ৰ'ফাইনেঞ্চ কোম্পানীক নিয়ন্ত্ৰণ কৰা, বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ গঠনকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক এই তিনি দিনত সদনত গৃহীত হ'ল । আশ্চৰ্যজনক কথা যে মাত্ৰ তিনি দিনীয়া অধিবেশনত কোনো বিশেষ আলোচনা বা সংশোধনী নোহোৱাকৈয়ে ১১ খনকৈ বিধেয়ক অনুমোদিত হ'ল ।