নিউজ ডেস্ক, 15 মাৰ্চ:সমাগত অসম বিধানসভা নিৰ্বাচন উপলক্ষে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ৷ টুইটাৰযোগে চৌহানে এই কথা জানিবলৈ দিছে ৷
টুইটাৰযোগে অসমৰ ৰাইজক বিজেপিক ভোট দিয়াৰ বাবে আহ্বান জনাই চৌহানে জানিবলৈ দিয়ে যে, উজনি অসমৰ তিনিটাকৈ সমষ্টি ক্ৰমে নাহৰকটীয়া, দুলিয়াজান আৰু ডিব্ৰুগড়ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিৰ দ্বাৰা আয়োজিত জনসভাক সম্বোধন কৰি নিজৰ বক্তব্য ৰাখিব ৷
তেঁও জানিবলৈ দিয়া মতে, নাহৰকটিয়া সমষ্টিত পুৱা 11 বজাত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে 12:30 আৰু 2 বজাত তেওঁ দুলিয়াজান আৰু ডিব্ৰুগড় সমষ্টিত ক্ৰমে তেৰশ গোৱালা আৰু প্ৰশান্ত ফুকনৰ হৈ প্ৰচাৰ চলাব ৷
টুইটাৰৰ জৰিয়াতে কংগ্ৰেছ চৰকাৰৰ সময়ত অসমত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ আধিপত্য আছিল বুলি অভিযোগ কৰি চৌহানে লগতে এইবুলিও কয় যে, কংগ্ৰেছৰ সময়ত অসম ধ্বংসৰ গৰাহলৈ গতি কৰাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিকাশৰ এক নতুন গতি আৰম্ভ হ'ল ৷ অসম এতিয়া সুশাসনৰ প্ৰতীক বুলিও মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক:এদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা