গুৱাহাটী,21 ফেব্ৰুৱাৰীঃ মহা শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ মন্দিৰসমূহটো পুৱাৰে পৰা চলি আছে পূজা-অৰ্চনা। লগ্ন অনুসৰি সন্ধিয়া ৫.৪০ বজাৰ পৰা আৰম্ভ হ'ব শিৱৰাত্ৰি । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ কালীপুৰস্থিত চক্ৰেশ্বৰ মন্দিৰত আয়োজন কৰা হৈছে মহা শিৱৰাত্ৰিৰ । তাৰোপৰি নাগাৰা নামেৰে মুখৰিত হয় চক্ৰেশ্বৰ মন্দিৰ প্ৰাংগণ ।
শিৱৰাত্ৰি উপলক্ষে চক্ৰেশ্বৰ মন্দিৰত ব্যাপক পূজা-অৰ্চনা - চক্ৰেশ্বৰ মন্দিৰ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ মন্দিৰসমূহটো পুৱাৰে পৰা চলি আছে পূজা-অৰ্চনা । লগ্ন অনুসৰি সন্ধিয়া ৫.৪০ বজাৰ পৰা আৰম্ভ হ'ব শিৱৰাত্ৰি । মুঠ ৩৬ গৰাকী দেৱ-দেৱীৰ মূৰ্তি আছে চক্ৰেশ্বৰ ধামত । শিৱৰাত্ৰি উপলক্ষে আটাইকেইগৰাকী দেৱ-দেৱীকে পূজা কৰা হয় মন্দিৰটোত ।
পূজা-অৰ্চনা
ইফালে,নৈসৰ্গিক পৰিৱেশত অৱস্থিত মন্দিৰটোত দেখিবলৈ পোৱা গৈছে ভক্তৰ সমাগম । উল্লেখযোগ্য যে,এই মন্দিৰৰ আছে সুকীয়া বিশেষত্ব । মুঠ ৩৬গৰাকী দেৱ-দেৱীৰ মূৰ্তি আছে চক্ৰেশ্বৰ ধামত । শিৱৰাত্ৰি উপলক্ষে আটাইকেইগৰাকী দেৱ-দেৱীকে পূজা কৰা হয় মন্দিৰটোত । যাৰ বাবে দূৰ-দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে মন্দিৰলৈ ।
লগতে চাওকঃদেশবাসীলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোডীৰ