অসম

assam

ETV Bharat / state

জনসংখ্যা বৃদ্ধি ৰোধত সহযোগ কৰিবলৈ আজমলক আহ্বান শিৱ প্ৰসাদ শৰ্মাৰ - শিৱ প্ৰসাদ শৰ্মা

বৃহস্পতিবাৰে মহানগৰীৰ গড়চুকত অনুষ্ঠিত হোৱা গণ সাক্ষৰ কাৰ্যসূচীত জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতা, বৃদ্ধিৰ সমস্যাই প্ৰভাৱ পেলোৱা দিশসমূহ, ইয়াৰ বাবে দৰকাৰী পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয় ৷ সভাত চৰ-চাপৰিত বসবাস কৰা সংখ্যালঘু মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনায় ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই ৷

shiv-prasad-sarma
শিৱ প্ৰসাদ শৰ্মা

By

Published : Feb 11, 2021, 10:16 PM IST

গুৱাহাটী,11 ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ গড়চুকত বৃহস্পতিবাৰে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ যুৱশক্তিৰ উদ্য়োগত অনুষ্ঠিত হয় এক গণ সাক্ষৰ কাৰ্যসূচী ৷ যুৱ শক্তিৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোচে অৱগত কৰা সভাখনত সভাপতিত্ব কৰে ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই ।

গড়চুক অঞ্চলৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰে এই সভাখনত ৷ সভাত বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতা, বৃদ্ধিৰ সমস্যাই প্ৰভাৱ পেলোৱা দিশসমূহ, ইয়াৰ বাবে দৰকাৰী পদক্ষেপসমূহৰ বিষয়ে ক্ৰমান্বয়ে বক্তব্য আগবঢ়ায় অসম প্ৰান্তৰ শিৱ প্ৰসাদ শৰ্মা, মহিলা শক্তি গুৱাহাটী মহানগৰৰ অধ্যক্ষা আশা চাংমাই, বিশেষ ব্যক্তি হিচাপে উপস্থিত থকা ইউনাইটেড ট্ৰাষ্ট অৱ আছামৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি দাস আৰু জেষ্ঠ নাগৰিক সমাজ অসমৰ সাধাৰণ সম্পাদক দ্বীজেন বৰঠাকুৰে ।

শিৱ প্ৰসাদ শৰ্মা

উক্ত সভাত ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই মৌলানা বদৰুদ্দিন আজমলক জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ লোৱাৰ আহ্বান জনাই কয় যে, আজমলে চৰ-চাপৰিত বসবাস কৰা সংখ্যালঘু মুছলমানসকলক বিভিন্ন প্ৰকাৰে জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ পৰিৱৰ্তে এই জলন্ত সমস্যাটোক উদগনি দিয়াৰহে পোষকতা কৰে । গতিকে বদৰুদ্দিন আজমলক জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনায় শিৱ প্ৰসাদ শৰ্মাই ৷

লগতে পঢ়ক :মহানগৰীৰ চচলত সদৌ অসম যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details