গুৱাহাটী, 13 জুনঃ মহানগৰীৰ বিভিন্ন প্ৰান্তত শিশু শ্ৰমিক টাস্ক ফৰ্চৰ অভিযান ৷ পাণ্ডু বৰবজাৰৰ হোটেল মা মনষাত অভিযান চলাই ৮ টাকৈ শিশু উদ্ধাৰ কৰে দলটোৱে ৷ দীৰ্ঘদিনৰ পৰা হোটেলখনৰ বিৰুদ্ধে শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ আছিল। এই অভিযানৰ জৰিয়তে সকলোকে শিশু শ্ৰমিক নিয়োগ নকৰিবলৈ আহ্বান জনাই শিশু শ্ৰমিক টাস্ক ফৰ্চে ।
মহানগৰীত শিশু শ্ৰমিক টাস্ক ফৰ্চৰ অভিযান - শিশু শ্ৰমিক টাস্ক ফৰ্চ
পাণ্ডু বৰবজাৰৰ হোটেল মা মনষাত শিশু শ্ৰমিক টাস্ক ফৰ্চে অভিযান চলাই ৮ টাকৈ শিশু উদ্ধাৰ কৰে ৷ দীৰ্ঘদিনৰ পৰা হোটেলখনৰ বিৰুদ্ধে শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ আছিল
![মহানগৰীত শিশু শ্ৰমিক টাস্ক ফৰ্চৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3544016-thumbnail-3x2-tt.jpg)
মহানগৰীত শিশু শ্ৰমিক টাস্ক ফৰ্চৰ অভিযান
মহানগৰীত শিশু শ্ৰমিক টাস্ক ফৰ্চৰ অভিযান
উল্লেখযোগ্য যে সহকাৰী শ্ৰমায়ুক্ত অজন্তা শৰ্মা, সহঃ আয়ুক্ত জিতুৰাজ গগৈ, শ্ৰম বিষয়া নৰেশ দাস, শ্ৰম পৰিদৰ্শক ব্ৰজেন বৰুৱাৰ লগতে বচপন বাচাওঁ আন্দোলন, জিলা শিশু সুৰক্ষা বিভাগ আৰু আৰক্ষীয়ে যৌথভাৱে এই অভিযান চলায় ৷ ভৱিষ্যতে শিশু শ্ৰমিক নিয়োগ নকৰিবলৈ মা মনষা হোটেল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে অভিযানকাৰী দলটোৱে।