অসম

assam

By

Published : Oct 28, 2021, 1:55 PM IST

ETV Bharat / state

মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ গোচৰত জামিন পালে বিধায়ক শ্বেৰমান আলীয়ে

জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়ক শ্বেৰমান আলী আহমেদ(Sherman Ali Ahmed) । গীতানগৰ থানাত ৰুজু হোৱা গোচৰত জামিন পোৱা নাই শ্বেৰমান আলীয়ে । আদালতে এই গোচৰৰ জামিন আবেদন দুদিন পূৰ্বে নাকচ কৰিছিল । অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে ।

Sherman Ali got bail
জামিন পালে বিধায়ক শ্বেৰমান আলীয়ে

গুৱাহাটী, ২৮ অক্টোবৰ: মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ গোচৰত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলী আহমেদে । অৱশ্যে জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়কগৰাকী । গীতানগৰ থানাত ৰুজু হোৱা গোচৰত এতিয়াও শ্বেৰমান আলীয়ে জামিন পোৱা নাই । দুদিন পূৰ্বে আদালতে এই গোচৰৰ জামিন আবেদন নাকচ কৰিছিল ।

গৰুখুঁটিৰ উচ্ছেদৰ ঘটনা সন্দৰ্ভত অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক শ্বেৰমান আলীয়ে । সেই সন্দৰ্ভত গীতানগৰ থানাত ৰুজু কৰা হৈছিল গোচৰ । সেই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ বৰ্তমান ন্যায়িক জিম্মাত থকা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক বিধায়ক পুঁজি আত্মসাৎ কৰাৰ গোচৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষেও গ্ৰেপ্তাৰ কৰিছিল । উল্লেখ্য যে, শ্বহীদক অপমান কৰা আৰু বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলীৰ জামিন আবেদন ২৬ অক্টোবৰত নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

গীতানগৰ আৰু পাণবজাৰ থানাৰ গোচৰ দুটাত জামিন আবেদন নাকচ কৰা হৈছিল ।

গীতানগৰ থানাৰ গোচৰটোত প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমান আলীক । কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক অসম আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল । তাৰ পিছতে বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ।

যোৱা ৮ অক্টোবৰত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে । বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত শ্বেৰমানক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল । অৱশ্যে, মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ গোচৰত বৰ্তমান ন্যায়িক জিম্মাত থকা বিধায়ক শ্বেৰমান আলীয়ে জামিন লাভ কৰিছে ।

লগতে পঢ়ক:প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি যান-বাহন চলাচল: ক্ষুব্ধ স্থানীয় ৰাইজ

ABOUT THE AUTHOR

...view details