গুৱাহাটী, 11 অক্টোবৰ :শাৰদীয় দুৰ্গোৎসৱক লৈ উখল-মাখল চৌদিশ ৷ কেৱল ভাৰততেই নহয়, চুবুৰীয়া ৰাজ্য বাংলাদেশতো উলহ-মালহেৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে দুৰ্গাপূজাৰ ৷ দেশখনত থকা হিন্দু বাসিন্দাসকলে বিভিন্ন অঞ্চলত সৰ্বমুঠ 237 খন পূজাৰ আয়োজন কৰিছে ৷ ইয়াৰ বাবে পূজা কমিটিসমূহক প্ৰায় 3 কোটি টকাৰ এককালীন সাহায্য আগবঢ়াইছে বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে ৷
দুৰ্গা পূজাৰ বাবে বাংলাদেশৰ ৰাজধানী ঢাকাৰ লগতে সজাই-পৰাই তোলা হৈছে বিভিন্ন অঞ্চল ৷ সাধাৰণতে পুৰণি ঢাকা অঞ্চলত পূজাৰ সংখ্যা অধিক হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, সূত্ৰাপুৰ থানাৰ অধীনত সৰ্বাধিক ২৫ খন পূজাৰ বাবে জাকজমককৈ সজাই তোলা হৈছে মণ্ডপ আৰু প্ৰতিমা ।