গুৱাহাটী, 15 অক্টোবৰ :অহা 17 অক্টোবৰত অনুষ্ঠিত হ’ব লগা নিখিল ভাৰত কংগ্ৰেছ কমিটী (AICC)ৰ সভাপতি নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছত চলিছে ব্যাপক তৎপৰতা । এসপ্তাহ পূৰ্বে AICC ৰ সভাপতি পদৰ প্ৰার্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মল্লিকার্জুন খাৰ্গেই গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছত মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লোকসভাৰ সাংসদ শশী থাৰুৰ শনিবাৰে গুৱাহাটীত উপস্থিত হয় (Shashi Tharoor in Guwahati) ।
দলৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে এখন বিশেষ বিমানেৰে শনিবাৰে বিয়লি 5 বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে । সন্ধিয়া 6 বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয় । তাৰ পিছত 7 বজাত সংবাদ মাধ্যমক প্ৰাৰ্থীগৰাকীয়ে সম্বোধন কৰে (Shashi Tharoor press conference in Guwahati) ।
উক্ত সংবাদমেলত তেওঁ কয়, ‘‘আগত 2024 চনৰ নিৰ্বাচনক লক্ষ্য হিচাপে লৈ AICC ৰ সভাপতি পদত অৱতীৰ্ণ হৈছো । মোৰ লক্ষ্য এক পৰিৱৰ্তনকামী চিন্তাৰে কংগ্ৰেছ দলক শক্তিশালী কৰা’’ । তেওঁ লগতে কয়, ‘‘মই বিজয়ী হ’লে কংগ্ৰেছৰ সংগঠনৰ কাম বিকেন্দ্ৰীকৰণ কৰা হ’ব । যুৱকসকলক অধিক গুৰুত্ব দিয়া হ’ব । নিৰ্বাচনৰ পূৰ্বে তিনিমাহ আগতে প্ৰাৰ্থী বচনি কৰা হ’ব ’’।
শশী থাৰুৰে কয় যে যোৱা নিৰ্বাচনত বিজেপিয়ে 37 শতাংশ ভোট লাভ কৰিছিল । তেওঁ AICC ৰ সভাপতি হ’লে এইবাৰ এক নিৰ্দিষ্ট কৰ্মসূচী তৈয়াৰ কৰি বিৰোধী দলবোৰৰ লগত এক গোট কৰি কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক পৰাভূত কৰিব ।
শনিবাৰে উক্ত সংবাদমেলত গুৱাহাটীত শশী থাৰুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ (Shashi Tharoor election campaign in Guwahati) চলোৱাৰ দায়িত্বত থকা প্ৰদ্যুৎ বৰদলৈয়ো উপস্থিত আছিল । উল্লেখ্য যে, আগন্তুক 17 অক্টোবৰত সমগ্ৰ দেশতে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব আৰু 19 অক্টোবৰত ভোট গণনা হ’ব ।
লগতে পঢ়ক :Election committee: ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ কমিটিত স্থান নাপালে বহুকেইজন পুৰণি নেতাই