কামৰূপ মেট্ৰ'পলিটান, ৯ এপ্ৰিলঃ মঙলবাৰে মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান । অভিযানত আটক সুভাষ বৈদ নামৰ এটা জুৱাৰ বুকী। জানিব পৰা মতে,আই পি এলৰ নামত বৃহৎ জুৱাৰ ঘাটি পাতিছিল আটকাধীন যুৱকজনে।
মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান - ভৰলুমুখ
ভৰলুমুখ আৰক্ষীৰ সহযোগত মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযানত আটক সুভাষ বৈদ নামৰ এটা জুৱাৰ বুকি

মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান
মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান
এক গোপন সূত্ৰৰ পম খেদি ভৰলুমুখ আৰক্ষীৰ সহযোগত মহানগৰ অপৰাধ শাখাই অভিযান চলাই জুৱাৰ বুকীটোৰ পৰা জব্দ কৰে নগদ ৪৫হাজাৰ টকাসহ মোবাইল ফোন,বেংকৰ পাচবুক,এটিএম কাৰ্ড, বিভিন্ন জুৱাৰ নথিপত্ৰ। সম্প্ৰতি ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।