গুৱাহাটী, ৬ অক্টোবৰ:আগন্তুক লোকসভা নিৰ্বাচনত পৰাজয় বৰণৰ ভয়ত বিজেপি চৰকাৰে কোনো ধৰণৰ সমালোচনা সহ্য কৰিব পৰা নাই । যাৰ বাবেই স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানক ভিত্তিহীনভাৱে হাৰাশান্তি কৰা কৰিছে । এই মন্তব্য অসম নাগৰিক সমাজৰ সভাপতি, ভাৰত জোড়ো অভিযানৰ পৃষ্ঠপোষক, ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ ।
শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি সাংসদ ভূঞাই ডিজিটেল মিডিয়া 'নিউজক্লিক'ৰ ওপৰত দিল্লী পুলিচৰ যোগেদি চৰকাৰে চলোৱা আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, ‘‘আমি অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা ডিজিটেল সংবাদ মঞ্চ নিউজক্লিকৰ ওপৰত দিল্লী পুলিচৰ যোগেদি চৰকাৰে নমাই অনা আক্ৰমণক তীব্ৰ ভাষাত গৰিহণা দিছোঁ ।’’
ইয়াৰ লগতে ভাৰতৰ সাধাৰণ মানুহৰ স্বাৰ্থত নিৰ্ভীক আৰু তথ্যনিষ্ঠ বাতৰি, প্ৰবন্ধ আদি প্ৰকাশ কৰা আৰু বিশ্লেষণ, আলোচনা আদি প্ৰচাৰ কৰা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে সাংসদগৰাকীয়ে । তেওঁ অতি শীঘ্ৰে নিউজক্লিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু সংবাদ সংস্থাটোৰ প্ৰশাসনিক বিষয়া অমিত চক্ৰৱর্তীক মুকলি কৰি দিয়াৰ বাবে দাবী জনায় ।
কোনো সাক্ষ্য-প্ৰমাণ নোহোৱাকৈ, যথাবিধি প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈ কেৱল 'দ্য নিউয়ৰ্ক টাইমচ'ত প্ৰকাশিত প্ৰবন্ধ এটাক সাৰথি কৰি সংবাদ সংস্থাটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সাংবাদিক, কৰ্মচাৰী আৰু শিক্ষাসদী লোকসকলৰ ঘৰত পুলিচে ঘন্টাৰ পিছত ঘন্টা তালাচী চলাই হাৰাশাস্তি কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে সাংসদ ভূঞাই ৷
কি আইনৰ ভিত্তিত পুলিচে এনে ব্যৱস্থা লৈছে বুলি প্ৰশ্ন কৰি তেওঁ প্ৰশ্ন কৰে যে এইটো আইনী শাসনৰ সম্পূৰ্ণ উলংঘন নহয়নে ?
চৰকাৰৰ পক্ষপাতমূলক আচৰণক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে নিউজক্লিকৰ ওপৰত চলোৱা আক্ৰমণ সন্দৰ্ভত সংবাদ সংস্থাটোৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতিটো অতি তাৎপর্যপূর্ণ । তাত উল্লেখ কৰা হৈছে যে দুবছৰতকৈ বেছি হ'ল, প্ৰৱৰ্তক সঞ্চালকালয়ে এতিয়ালৈকে নিউজক্লিক অবৈধ ধন সৰবৰাহত লিপ্ত থকাৰ কোনো অভিযোগ উত্থাপন কৰিব পৰা নাই । ভাৰতীয় দণ্ডবিধিৰ অধীনত নিউজক্লিক কোনো অপৰাধত যুক্ত বুলি দিল্লী পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাই এতিয়ালৈকে নিউজক্লিকৰ বিৰুদ্ধে কোনো অভিযোগনামা দাখিল কৰা নাই ।