অসম

assam

ETV Bharat / state

New film Shadow Assassins : 'গুপ্তহত্যা'ৰ আলমত নিৰ্মাণ বলীউডৰ ছবি Shadow Assassins - Shadow Assassins to release on December 9

অসমৰ ৯০ দশকত সংঘটিত গুপ্তহত্যাৰ আধাৰত নিৰ্মাণ কৰা হৈছে বলীউডৰ বোলছবি 'শ্বেড' এছাচিনছ' । সেই সময়ৰ এটা পৰিয়ালৰ জীয়া কাহিনীক উপস্থাপন কৰাৰ প্ৰয়াস (Bollywood film made on backdrop of Assam)। পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যাপক নীলাঞ্জন ৰীতা দত্তৰ কাহিনী তথা পৰিচালনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ বলীউডৰ লগতে অসমৰ বহু অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ছবিখনত ।

Film
৯০ দশকৰ 'গুপ্তহত্যা'ৰ আলমত নিৰ্মাণ বলীউডৰ ছবি 'Shadow Assassins'

By

Published : Dec 3, 2022, 4:25 PM IST

গুৱাহাটী,৩ ডিচেম্বৰ : 'গুপ্তহত্যা' শব্দটো আজিও অসমবাসীৰ বাবে এক আতংকৰ অনুভূতি ৷ সেই বিভীষিকাপূৰ্ণ ক'লা দিনবোৰে আজিও খেদি ফুৰে বহু অসমীয়া পৰিয়ালক (Secret killings in Assam) ৷ অসমৰ 'গুপ্তহত্যা'ৰ সেই ক'লা অধ্যায়ৰ সম্পৰ্কে যুগুত কৰা প্ৰাক্তন ন্যায়াধীশ কে. এন. শইকীয়াৰ ঐতিহাসিক প্ৰতিবেদনক ভিত্তি কৰি এইবাৰ বলীউডত নিৰ্মাণ কৰা হৈছে এখন বোলছবি ।

৯০ দশকৰ 'গুপ্তহত্যা'ৰ আলমত নিৰ্মাণ বলীউডৰ ছবি 'Shadow Assassins'

বোলছবিখন হৈছে 'শ্বেড' এছাচিনছ' (Shadow Assassins) ৷ অহা ৯ ডিচেম্বৰত সমগ্ৰ দেশৰ চিত্ৰগৃহত ছবিখনে শুভমুক্তি লাভ কৰিব (Shadow Assassins to release on December 9) ৷ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যাপক নীলাঞ্জন ৰীতা দত্তৰ কাহিনী তথা পৰিচালনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

উল্লেখ্য যে পৰিচালক নীলাঞ্জন ৰীতা দত্তই পূৰ্বতে দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে পুৰস্কৃত হৈছে ৷ 'শ্বেড' এছাচিনছ'ৰ অসমীয়া অনুবাদ 'গুপ্তঘাতক' ৷ শনিবাৰে মহানগৰীৰ লাষ্টগেটস্থিত হোটেল ৰাজধানী ৰিজেঞ্চিত আয়োজিত এক সংবাদমেল সম্বোধন কৰে প্ৰযোজনা গোষ্ঠীটোৱে ৷ সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা সংবাদমেলত বক্তব্য প্ৰদান কৰি নীলাঞ্জন ৰীতা দত্তই কয় যে মূলতঃ ৯০ দশকৰ সেই সময়চোৱাত অসমত কিদৰে এটা পৰিয়ালে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত নিজৰ সৰ্বস্ব হেৰুৱাইছিল, তাকেই এক কাল্পনিক ৰূপত দেখুওৱা হৈছে ছবিখনত (Bollywood film made on backdrop of Assam) ৷

ছবিখনৰ কাহিনী যদিও কাল্পনিক, কিন্তু তাৰ পটভূমি নিষ্ঠুৰ বাস্তৱ ৷ ছবিখনৰ কাহিনীৰ মাজত হয়তো বহুতেই নিজৰ পৰিচিত বহু ঘটনা, কাহিনীক দেখিবলৈ পাব বুলি আশা কৰিছে ছবিখনৰ পৰিচালকে ৷ আনহাতে ছবিখনৰ কাহিনীৰ পটভূমি সম্পৰ্কত তেওঁ কয় যে আজিকোপতি ভাৰতৰ মূলসুঁতিৰ চিনেমা জগতত অসমৰ বহু জীৱন্ত কাহিনী সদায়েই উপেক্ষিত হৈ আছে ৷ সংবাদ মাধ্যমক পৰিচালকে জনোৱা অনুসৰি, সমগ্ৰ বিশ্বক অসমৰ প্ৰেক্ষাপটত এখন ছবি নিৰ্মাণ কৰি ৯০ দশকত অসমত সংঘটিত সেই ক'লা অধ্যায়ৰ এক আভাসৰ সৈতে পৰিচয় কৰোৱাৰ এয়া এক প্ৰচেষ্টা (Shadow Assassins made on secret killings of Assam) ৷

তেওঁ লগতে কয় যে এই ছবিখনত অভিনয় কৰা প্ৰতিগৰাকী অভিনেতাই খুব সুন্দৰভাৱে চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে ৷ 'শ্বেড' এছাচিনছ' ছবিখনত বলীউডৰ লগতে অসম তথা কলকাতাৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ৷ ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা অনুৰাগ সিনহা, বলীউডৰ লগতে দাক্ষিণাত্যৰ চিনেমাত প্ৰতিষ্ঠিত তথা জনপ্ৰিয় অভিনেত্ৰী মিষ্টি চক্ৰৱৰ্তী, 'স্কেম-১৯৯২' খ্যাত জনপ্ৰিয় অভিনেতা হেমন্ত খেৰ, 'কেশৰী' ছবিখনত ভিলেইনৰ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতা ৰাকেশ চতুৰ্ৱেদী ওঁম, কলকাতাৰ জনপ্ৰিয় অভিনেতা সৌম্য মুখাৰ্জীৰ লগতে কেইবাগৰাকীও শিল্পীয়ে ছবিখনত অভিনয় কৰিছে ৷

তদুপৰি এই চিনেমাখনত আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব মনোজ বৰকটকী, ৰঞ্জীৱ লাল বৰুৱা, স্তুতি চৌধুৰী, ভায়'লেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, বিভূতি ভূষণ হাজৰিকাকে ধৰি কেইবাগৰাকীও অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক ৷ ছবিখনৰ এটি গীতত মুম্বাইৰ জনপ্ৰিয় কণ্ঠশিল্পী জাভেদ আলীৰ লগতে আন এটি গীতত অসমৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গেও কণ্ঠদান কৰিছে ৷

উল্লেখ্য যে, যোৱা বছৰৰ শেষৰফালে গুৱাহাটীতেই শ্বুটিং সম্পন্ন কৰা ছবিখনত মুম্বাইৰ পৰা অহা বহু প্ৰতিষ্ঠিত কলা-কুশলীৰ লগত অসমৰ যথেষ্ঠ সংখ্যক কলা-কুশলীয়ে ছবিখনত কাম কৰাৰ সুযোগ লাভ কৰিছিল ৷ তাৰে ভিতৰত ছবিখনত সাজ-সজ্জাত গৰিমা শইকীয়া গাৰ্গ আৰু ৰূপ-সজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা ৷ সংগীত পৰিচালনা কৰিছে কলকাতাৰ জনপ্ৰিয় সংগীত শিল্পী আশু চক্ৰৱৰ্তীয়ে ৷ অসমৰ পটভূমিত নিৰ্মিত এই হিন্দী ছবিখনৰ প্ৰচাৰ অসমৰ পৰাই আৰম্ভ কৰিছে ছবিখনৰ প্ৰযোজকে ৷ উল্লেখ্য যে শনিবাৰে অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, অভিনেতা মহেশ গিন্নিলাল, মনোজ বৰকটকী, পৰীক্ষিত তামুলী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ লগতে কেইবাগৰাকী কলা-কুশলী ।

লগতে পঢ়ক :Bharti Singh instagram: ভাৰতী সিং-হৰ্ষ লিম্বাচিয়াই উদযাপন কৰিছে পঞ্চম বিবাহ বাৰ্ষিকী

ABOUT THE AUTHOR

...view details