অসম

assam

ETV Bharat / state

গুৱাহাটীত SFI ৰ প্ৰতিবাদ - SFI Demand for free bus fares

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, হিন্দী বাধ্যতামূলক কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে SFI ৰ প্ৰতিবাদ । ছাত্ৰ-ছাত্ৰীৰ বাবে বাছভাড়া ৰেহাইৰ দাবী প্ৰতিবাদকাৰীৰ (SFI protest in Guwahati)

sfi protest on price hike
ৰাজপথত ছাত্ৰ সমাজ: SFIৰ প্ৰতিবাদ

By

Published : Apr 12, 2022, 10:00 PM IST

গুৱাহাটী,১২ এপ্ৰিল :ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)ৰ গুৱাহাটী মহাবিদ্যালয় গোটে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধৰ দাবীৰ লগতে ৰাজ্যসমূহৰ ওপৰত হিন্দী ভাষা বলপূৰ্বকভাৱে জাপি দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মংগলবাৰে গুৱাহাটীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(SFI protest against price hike) । প্ৰতিবাদী মিছিলৰ নেতৃত্ব দিয়ে SFI গুৱাহাটী কলেজ গোটৰ নেতা তথা গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি মজনুৰ আলমে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, হিন্দী বাধ্যতামূলক কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে SFI ৰ প্ৰতিবাদ

অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী মিছিল গুৱাহাটী কলেজৰ পৰা বামুণিমৈদানলৈ আগবাঢ়ে । সভাত উপস্থিত থাকি SFI ৰ কামৰূপ মহানগৰ জিলাৰ নেত্ৰী অনুজা ডেকাই কয় যে, অত্যৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে ছাত্ৰ সমাজক বেয়াকৈ জুৰুলা কৰিছে । বৰ্ধিত বাছভাড়াৰ বাবে বহু ছাত্ৰ-ছাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে । এয়া ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা যে, তেওঁলোকে এই মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই ।

তেওঁ লগতে কয় যে, উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিব বিচাৰিছে, সেই কাৰ্য অতিকৈ নিন্দনীয় আৰু ই আৰ এছ এছৰ 'হিন্দী, হিন্দু, হিন্দুস্তান'ৰ শ্ল’গান ৰূপায়ন কৰাৰ এক প্ৰয়াস(SFI protests against conspiracy to impose forced Hindi language) ।

তেওঁ লগতে কয় যে, SFI য়ে ২০১১ চনৰে পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ ভাড়া ৰেহাইৰ দাবীত গুৱাহাটীত বহু আন্দোলন কৰিছে আৰু চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈ বাছ ভাড়া ৰেহাই ন'হল । ইয়াৰ বিৰুদ্ধে আগন্তুক সময়তো এছ এফ আয়ে আন্দোলন কৰি যাব বুলি তেওঁ মন্তব্য কৰে(SFI Demand for free bus fares) ।

কাৰ্যসূচীত গুৱাহাটী কলেজ ছাত্ৰ একতা সভাৰ উপ সভাপতি জেচমিন চুলতানা, সমাজ সেৱা সম্পাদিকা পিংকী ঠাকুৰ, গুৱাহাটী কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা SFI ৰ ৰাজ্যিক নেতা মনজিৎ ডেকা আৰু SFI ৰ গুৱাহাটী কলেজ গোটৰ নেতা নেকিবুৰ ৰহমান উপস্থিত থাকে ।

লগতে পঢ়ক:GMC election manifesto: গুৱাহাটীবাসীক ১০০ দিনৰ ভিতৰত খোৱাপানী দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details