অসম

assam

ETV Bharat / state

কৰ্মসংস্থাপন বৃদ্ধিৰ দাবীত গুৱাহাটীত ছাত্ৰ বিক্ষোভ - নিবনুৱাৰ সংস্থাপনৰ কথা কোৱা

আমাৰ চাকৰি ক’ত শ্ল’গানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী ৷ ছাত্ৰ সংগঠনটোৰ দাবী-“এইখন চৰকাৰৰ দিনত নিয়োগৰ নামত মাথো দুৰ্নীতিহে হৈছে ৷ যিটোৱেই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে তাতেই সংঘটিত হৈছে দুৰ্নীতি ৷ নিবনুৱাৰ সংস্থাপনৰ কথা কোৱা এই চৰকাৰৰ দিনত এটাও সংস্থাপন নাপালে ৷

কৰ্মসংস্থাপন বৃদ্ধিৰ দাবীত গুৱাহাটীত ছাত্ৰ বিক্ষোভ
কৰ্মসংস্থাপন বৃদ্ধিৰ দাবীত গুৱাহাটীত ছাত্ৰ বিক্ষোভ

By

Published : Dec 22, 2020, 3:57 PM IST

গুৱাহাটী,22ডিচেম্বৰঃকৰ্মসংস্থাপন সৃষ্টিৰ দাবীত গুৱাহাটীৰ ৰ’টাৰী ক্লাৱত যুৱ বিক্ষোভ ৷ 'আমাৰ চাকৰি ক’ত’ শ্ল’গানেৰে উত্তাল হ’ল গুৱাহাটী মহানগৰ ৷ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদেৰে মুখৰ হ’ল ৰ’টাৰী ক্লাৱ ৷

কৰ্মসংস্থাপন বৃদ্ধিৰ দাবীত গুৱাহাটীত ছাত্ৰ বিক্ষোভ

মঙলবাৰে কৰ্মসংস্থাপন বৃদ্ধিৰ দাবীত ছাত্ৰ সংগঠন এছ এফ আই আৰু ডি ৱাই এফ আইয়ে যৌথ ভাৱে গুৱাহাটীৰ ৰ’টাৰী ক্লাৱত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদৰ কালছোৱাত ৰাজ্যত শেহতীয়াকৈ নিয়োগৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি কৰাকলৈ সৰৱ হোৱা দেখা গ’ল ছাত্ৰ সংগঠন দুটা ৷ আমাৰ চাকৰি ক’ত শ্ল’গানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী ৷ ছাত্ৰ সংগঠনটোৰ দাবী-“এইখন চৰকাৰৰ দিনত নিয়োগৰ নামত মাথো দুৰ্নীতিহে হৈছে ৷ যিটোৱেই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে তাতেই সংঘটিত হৈছে দুৰ্নীতি ৷ নিবনুৱাৰ সংস্থাপনৰ কথা কোৱা এই চৰকাৰৰ দিনত এটাও সংস্থাপন নাপালে ৷

লগতে পঢ়কঃ যোৰহাটৰ ৰাজপথত চাকৰি বিচাৰি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details