অসম

assam

New education system: কেবিনেটৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক হঠকাৰী তথা ছাত্ৰ বিৰোধী আখ্যা এছ এফ আইৰ

By

Published : Aug 1, 2022, 8:54 PM IST

এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে বিজ্ঞান আৰু গণিত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত পঢ়োৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৷ লগতে সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে (SFI Assam state committee) ।

Teaching of Maths and Science in English
কেবিনেটৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক হঠকাৰী, স্বৈৰতান্ত্রিক আৰু ছাত্ৰ বিৰোধী আখ্যা এফ এছ আইৰ

গুৱাহাটী, 1 আগষ্ট: হিমন্ত বিশ্ব শৰ্মা কেবিনেটে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহ পুনৰ বিবেচনা কৰাৰ বাবে ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক (FSI Assam state committee) কমিটিয়ে দাবী উত্থাপন কৰিছে । আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এছ এফ আইৰ ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে(FSI Assam secretary) ৰাজ্যৰ শিক্ষাবিদ, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিভিন্ন ছাত্ৰ সংগঠন আদিৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ চৰকাৰে গ্ৰহণ কৰা শৈক্ষিক সিদ্ধান্তসমূহ একান্তই ছাত্ৰবিৰোধী আৰু ভৱিষ্যতমূখী শিক্ষাৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি অভিহিত কৰে ।

সাম্প্ৰতিক অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা অত্যন্ত সংকটৰ মাজেৰে আগবাঢ়িবলৈ ধৰিছে বুলি মন্তব্য কৰে নিৰংকুশ নাথে । লগতে তেওঁ কয় যে, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ তথ্য অনুসৰিয়েই প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০ টা শিক্ষকৰ পদ খালী হৈ আছে (Teacher vacancy in Assam)। অন্যহাতে, অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি ৩৯,২৭৬ গৰাকী অপ্ৰশিক্ষিত শিক্ষক কৰ্মৰত হৈ আছে । একেসময়তে, ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ । যাৰ ফলত ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱাৰিলে ।

কেবিনেটৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক হঠকাৰী তথা ছাত্ৰ বিৰোধী আখ্যা এছ এফ আইৰ

তেনেস্থলত চৰকাৰে খালি হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সলনি ৰাজ্যত শিক্ষাৰ মাধ্যম বা পাঠদানৰ ভাষা সলনি কৰাত গুৰুত্ব দিয়াটো এক হঠকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰে নিৰংকুশ নাথে ।

ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ (UNESCO) ৰ গৱেষণা অনুসৰি মাতৃভাষাৰ শিক্ষাই শিক্ষাৰ গুণগত মানৰ আৰু সামূহিক বিকাশৰ মূল ভিত্তি বুলি উল্লেখ কৰি তেওঁ কয় যে, আজি বিশ্বৰ বিভিন্ন আগশাৰী দেশেও প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক স্থানীয় তথা মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰি তুলিবৰ বাবে পুনৰ আগবাঢ়িছে ।

অৱশ্যে, উচ্চ শিক্ষাতহে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ মাধ্যম নিৰ্বাচন কৰাত বা দ্বৈত বা তাতোধিক ভাষাক শিক্ষাৰ মাধ্যম হিচাপেও স্বীকৃতি প্ৰদান কৰিছে । UNESCO ৰ মতেও প্ৰাথমিক বিদ্যালয়ত জ্ঞানৰ ব্যৱধান হ্ৰাস কৰিবলৈ আৰু শিক্ষা তথা বুজিব পৰা শক্তি বৃদ্ধি কৰিবলৈ মাতৃভাষা মাধ্যম অতি গুৰুত্বপূৰ্ণ । বিশ্বত আনুমানিক ৪০% জনসংখ্যাই তেওঁলোকে কোৱা বা বুজি পোৱা ভাষাত শিক্ষা লাভ কৰিব নোৱাৰে । ভয়ংকৰ হাৰত অধিক সংখ্যক ভাষা হেৰাই যাব ধৰা প্ৰক্ৰিয়াই এফালেদি আকৌ ভাষিক বৈচিত্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকিৰ সৃষ্টি হৈছে যাৰ ফলত সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যও হেৰাই যায় । সেয়েহে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দ্বিভাষিক মাধ্যমত পাঠদান আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকও বিৰোধ কৰা বুলি উল্লেখ কৰে নিৰংকুশ নাথে ।

দ্বৈত ভাষা শিক্ষাৰ মাধ্যমে(Dual medium of instruction in Assam schools) ছাত্ৰ-ছাত্ৰীৰ মাজত অসমতা বৃদ্ধি কৰিব আৰু এই সিদ্ধান্ত কাৰ্যকৰী কৰি তুলিবলৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ।

লগতে কয় যে, প্ৰচলিত ব্যৱস্থাতেই, অসমৰ ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে আধাতে মাধ্যমিক স্তৰত বিদ্যালয় এৰি যাবলগা হয় । কেবিনেটৰ তৃতীয় সিদ্ধান্ত অনুসৰি সমাজ অধ্যয়নৰ পৰিৱৰ্তে ভূগোল আৰু ইতিহাস বিষয় বাধ্যতামূলক কৰা হ'ব । ইয়াৰ অৰ্থ হৈছে ৰাজনীতি বিজ্ঞান, অৰ্থনীতিৰ নিচিনা বিষয়ক বাদ দিয়া হ'ব । য'ত মানৱ সম্পদ উন্নয়ন, আৰ্থ-সামাজিক উন্নয়ন, ভাৰতৰ সংবিধান, সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা, মৌলিক অধিকাৰ শীৰ্ষক বিষয়বোৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱা নহয় । ইয়াতে স্পষ্ট যে অসমৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীয়ে ভাৰতবৰ্ষৰ সংবিধান জনাটো বিচৰা নাই ।

যদি ছাত্ৰ-ছাত্ৰীক ৰাজনীতি বিজ্ঞানৰ ধাৰণা সম্পৰ্কে পঢ়িবলৈ দিয়া নহয়, তেওঁলোকৰ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি কোনো ধৰণৰ সজাগতা নাথাকিব বুলি উল্লেখ কৰি নিৰংকুশ নাথে কয় যে গণতান্ত্ৰিক অধিকাৰ, সংবিধান, দেশ শাসন প্ৰক্ৰিয়া, ন্যায় ব্যৱস্থা এই কথাবোৰ শিক্ষাৰ্থীৰ বাবে এক বৃহৎ সাঁথৰ হৈ ৰ'ব । এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ স্পষ্ট মত যে চৰকাৰৰ এনেধৰণৰ নীতিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বাবে এক চিন্তনীয় দিশ উন্মুক্ত কৰিছে ।

যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ শোচনীয় শৈক্ষিক ছবিখন উন্নত কৰাৰ বাবে নিৰ্দেশাৱলী আহিছে । আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষক নিযুক্তি দিয়া, ড্ৰপ আউটৰ সংখ্যা হ্ৰাস কৰা আৰু শৈক্ষিক মানদণ্ড উন্নত কৰা, ছাত্ৰ-ছাত্ৰীসকলক গণতান্ত্ৰিক চেতনাসম্পন্ন মানৱ সম্পদ হিচাপে গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিব লাগিছিল তেনেসময়ত চৰকাৰখনে স্বৈৰাচাৰিতাৰে কিছুমান কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে বুলি তেওঁ কয় ।

সেয়েহে এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে বিজ্ঞান আৰু গণিত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত পঢ়োৱাৰ বিৰোধিতা কৰিছে আৰু শিক্ষা বিভাগক সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:Teaching of Maths and Science in English: শিক্ষা বিভাগৰ ক্ষেত্ৰত কেবিনেটত লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আছুৰ

ABOUT THE AUTHOR

...view details