অসম

assam

ETV Bharat / state

Israel Hamas war: হামাছ-ইজৰাইলৰ সংঘাত: গুৱাহাটীত বাওঁ সংগঠনৰ প্ৰতিবাদ - ইজৰাইল

গাজাত ইজৰাইলৰ গণহত্যা বন্ধ কৰা, পেলেষ্টাইনবাসীলৈ মানবীয় সাহাৰ্য নিশ্চিত কৰা আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰাৰ দাবীত প্ৰতিবাদ ৷ মেঘদূত ভৱনৰ সমীপত হাতে হাতে বেনাৰ-পোষ্টৰ লৈ শ্ল’গান দি প্ৰায় শতাধিক লোকে পেলেষ্টাইন সংহতি দিৱস পালন কৰে ৷

Israel Hamas war
বাওঁ সংগঠনৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:21 PM IST

ইজৰাইলৰ বিৰুদ্ধে মহানগৰীত বাঁওপন্থী সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী, 1 নৱেম্বৰ : গাজাত ইজৰাইলৰ গণহত্যা বন্ধ কৰা, পেলেষ্টাইনবাসীলৈ মানবীয় সাহাৰ্য নিশ্চিত কৰা আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বাওঁপন্থী সংগঠনে ৷ বুধবাৰে মেঘদূত ভৱনৰ সমীপত হাতে হাতে বেনাৰ-পোষ্টৰ লৈ শ্ল’গান দি প্ৰায় শতাধিক লোকে পেলেষ্টাইন সংহতি দিৱস পালন কৰে ৷ প্ৰতিবাদ সাব্যস্ত কৰি বামপন্থী নেতা তপন শর্মাই কয়, শিশু-মহিলাকে ধৰি কেঁচুৱাৰ পৰা বৃদ্ধলৈ পেলেষ্টাইনৰ সকলো অংশৰ নিৰীহ জনসাধাৰণৰ ওপৰত ইজৰাইলে চলাই থকা ধাৰাবাহিক আক্ৰমণ আৰু হত্যালীলাই সমগ্ৰ বিশ্বৰ শান্তিকামী, গণতান্ত্ৰিক আৰু মানৱতাবাদী- সকলো অংশৰ লোককে উদ্বিগ্ন আৰু স্তম্ভিত কৰি তুলিছে ৷ এনে বৰ্বৰ আক্ৰমণ আৰু পাশৱিক গণহত্যাৰ ঘটনা মানৱজাতিৰ ইতিহাসত খুবেই বিৰল ৷

তেওঁ কয় যে, ইজৰাইলৰ চৰম প্ৰতিক্ৰিয়াশীল আৰু "জায়নবাদ'ৰ প্ৰতিভূ নেটান্যাহু চৰকাৰ আৰু সামৰিক তথা প্ৰতিৰক্ষা বাহিনীৰ বৰ্বৰতাক গৰিহণা দিবলৈ ভাষা নাই ৷ বিগত 7 অক্টোবৰত গাজাৰ হামাছ বাহিনীয়ে ইজৰাইলত বোমাবর্ষণ কৰি বহু সংখ্যক ইজৰাইলী সাধাৰণ নাগৰিকক হত্যা কৰাৰ ঘটনাও অতিশয় নিন্দনীয় ৷ কিন্তু হামাছৰ এই আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ নামত মানৱ সভ্যতাক লজ্জানত কৰি মাৰ্কিন সাম্ৰাজ্যবাদৰ প্ৰত্যক্ষ সমর্থন আৰু পৃষ্ঠপোষকতাত ইজৰাইলৰ চৰকাৰ আৰু সেনাবাহিনীয়ে পেলেষ্টাইনত যি বিধ্বংসী আগ্ৰাসী অভিযান চলাই আছে, সেয়া কল্পনা আৰু বৰ্ণনাৰ অতীত ৷

বাঁওপন্থী নেতাজনে কয় যে, মানবতা ভূলুণ্ঠিত আৰু আন্তৰ্জাতিক আইন-কানুন, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ সকলো লংঘন কৰি ইজৰাইলী চৰকাৰে অবিৰতভাৱে হত্যালীলা চলাই আছে ৷ ইজৰাইল চৰকাৰে গণহত্যা কেৱল গাজাতে নহয়, পেলেষ্টাইনৰ ৱেষ্ট বেংক অর্থাৎ পশ্চিম পাৰলৈও সম্প্ৰসাৰিত কৰিছে ৷ গাজালৈ খাদ্য সামগ্ৰী আৰু ঔষধ-পাতিকে ধৰি পানী আৰু বিদ্যুৎ যোগান আদি সকলো অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীৰ যোগান বন্ধ কৰি চাৰিওফালৰ পৰা ঘন জনবসতিৰ ক্ষুদ্ৰ অঞ্চলটোক অৱৰোধ কৰি ৰখা হৈছে ৷ হিংস্ৰ ইজৰাইলী বাহিনীয়ে চিকিৎসালয়, শিক্ষানুষ্ঠান, বাসগৃহ, আশ্ৰয় শিবিৰৰ ওপৰতো ধাৰাসাৰ বোমা বর্ষণেৰে সকলো ধূলিসাৎ কৰিছে ৷ ইজৰাইলৰ আক্ৰমণত এতিয়ালৈ পেলেষ্টাইনৰ 4,000 শিশু আৰু 2,000 মহিলা সহ 8,000 ৰো অধিক লোক নিহত হৈছে ৷ এই সংখ্যা প্ৰতি নিয়ত বাঢ়ি আছে ৷

নেতাজনে পুনৰ কয় যে, প্ৰকৃততে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া সাম্ৰাজ্যবাদী দেশসমূহৰ সমৰ্থন আৰু পৃষ্ঠপোষকতাতে ইজৰাইলৰ চৰম প্ৰতিক্ৰিয়াশীল চৰকাৰখনে পেলেষ্টাইনৰ সাধাৰণ জনতাৰ ওপৰত ধাৰাসাৰ বোমা বর্ষণ কৰি নৰসংহাৰ চলাইছে ৷ ইজৰাইলৰ প্ৰধান পৃষ্ঠপোষক আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলক মাৰাত্মক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু বিপুল আৰ্থিক তথা সামৰিক সাহাৰ্য প্ৰদান কৰি মধ্যপ্ৰাচ্যত যুদ্ধৰ উন্মাদনা সৃষ্টি কৰিছে ৷ প্ৰকৃততে ইজৰাইল ৰাষ্ট্ৰ হৈছে সাম্ৰাজ্যবাদী ব্ৰিটিছে সৃষ্টি কৰা সাম্ৰাজ্যবাদী চক্ৰান্তৰে অংশ ৷ সমগ্ৰ বিশ্বতে ইজৰাইলৰ হত্যাযজ্ঞৰ বিৰুদ্ধে আৰু আৰু পেলেষ্টাইনৰ জনগণৰ প্ৰতি সংহতি জ্ঞাপন কৰি হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আদি দেশত লাখ লাখ লোকে প্ৰতিবাদত অংশ লৈছে ৷ আনকি ইজৰাইলৰ ভিতৰতো অগণন ইজৰাইলী নাগৰিকে নেটানেহু চৰকাৰৰ যুদ্ধবাজ নীতিৰ প্ৰতিবাদ কৰি ৰাজপথত নামিছে ৷

তপন শর্মাই কয় যে, আশ্চর্যৰ কথা যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে দ্বি-ৰাষ্ট্ৰৰ নীতিৰ ভিত্তিত স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ পক্ষে ভাৰতৰ পূৰ্বৰ নীতিৰ পৰা আঁতৰি আহি আমেৰিকাৰ কনিষ্ঠ সহযোগী হৈ পৰিছে আৰু গ্ৰহণ কৰিছে ইজৰাইলৰ পক্ষত অবস্থান ৷ 27 অক্টোবৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত গৃহীত প্ৰস্তাবত পেলেষ্টাইনত অবিলম্বে যুদ্ধ বিৰতি ঘোষণা আৰু শাস্তি প্ৰতিষ্ঠা কৰা, পেলেষ্টাইনী জনসাধাৰণৰ প্ৰতি মানৱীয় সাহাৰ্য প্ৰদান আৰু ৰাষ্ট্ৰসংঘৰ দ্বি-ৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ অনুসৰি স্বাধীন আৰু সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ পক্ষে প্ৰস্তাৱ লোৱা হয় ৷ কিন্তু মোদী চৰকাৰে ৰাষ্ট্ৰসংঘত ভোট দানৰ পৰা বিৰত থাকি আওপকীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স প্ৰভৃতি পশ্চিমীয়া সাম্ৰাজ্যবাদী দেশসমূহৰ পক্ষ গ্ৰহণ কৰে ৷ ভাৰত চৰকাৰৰ এই অৱস্থান ধিক্কাৰজনক বুলি কয় তেওঁ ৷

উল্লেখ্য যে এনে পৰিস্থিতিত চিআইটিইউ, নিখিল ভাৰত কৃষক সভা (এআইকেএই), নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছএফআই), ভাৰতৰ গণতান্ত্ৰিক যুব ফেডাৰেছন (ডিৱাই এফআই) আৰু অসম কৃষি শ্ৰমিক ইউইনয়নে যৌথভাবে পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ বৰ্ণৰ আক্ৰমণ বন্ধ, পেলেষ্টাইনবাসীলৈ মানবীয় সাহাৰ্য প্ৰদান আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ মৰ্মে জেৰুজালেমক ৰাজধানী হিচাপে লৈ 1967 চনৰ পূৰ্বৰ সীমাৰ ভিত্তিত স্বাধীন পেলেষ্টাইন গঠনৰ দাবীত দেশজোৰা প্ৰতিবাদৰ আহ্বান জনাইছে ৷ ইয়াৰ অংশ হিচাপে অসমতো সংগঠন কেইটাৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত সাম্ৰাজ্যবাদী যুদ্ধনীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

লগতে পঢ়ক :Protest in Tezpur : ইজৰাইলৰ বিৰুদ্ধে তেজপুৰত SFI, DFY, CITU ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details