গুৱাহাটী, ১১ নৱেম্বৰ : অসম চৰকাৰৰ আৰক্ষী বাহিনীৰ তীব্ৰ প্ৰতিৰোধক ওফৰাই গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ সংগঠন এছ এফ আই আৰু যুৱ ডি ৱাই এফ আইয়ে (SFI protest in Guwahati)। অসম চৰকাৰে ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্ত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, টেট উত্তীৰ্ণক নিযুক্তি আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত শুকুৰবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে (DYFI protest in Guwahati)৷
অসম চৰকাৰে শিক্ষা ব্যৱস্থালৈ অন্ধকাৰ নমাই আনি ৮ হাজাৰ শিক্ষকৰ পদ চিৰদিনৰ বাবে বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Teachers post abolition in Assam) ৷ ইয়াৰে নিম্ন প্ৰাথমিকৰ ৪,২৮৫ টা আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ টা শিক্ষকৰ পদ আছে । চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি দীঘলীপুখুৰী পাৰত প্ৰতিবাদৰ আহ্বান জনাইছিল, কিন্তু প্ৰতিবাদস্থলীলৈ গৈ পোৱাৰ আগতে অৰ্থাৎ গুৱাহাটী প্ৰেছ ক্লাৱৰ(Guwahati press club) সন্মুখতে প্ৰতিবাদীকাৰীসকলক আৰক্ষীয়ে আগুচি ধৰি আবদ্ধ কৰাৰ লগতে আটক কৰে ।
উল্লেখ্য যে, আৰক্ষীৰ ঠেলা-হেঁচাত কেইবাজনো প্ৰতিবাদকাৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱাৰো খবৰ লাভ কৰা গৈছে । চৰকাৰৰ এই পদ বিলুপ্তিৰ সিদ্ধান্তক শিক্ষা আৰু নিবনুৱা বিৰোধী সিদ্ধান্ত বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)য়ে আখ্যা দিছে ।
শিক্ষকৰ অভাৱত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা নিম্নগামী হৈ পৰা সময়তে শিক্ষকপদৰ বিলুপ্তিয়ে শিক্ষা ব্যৱস্থালৈ অধিক বিপৰ্যয় নমাই আনিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । ৰাজ্যখনত হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে শিক্ষকপদৰ চাকৰিৰ বাবে আশা পালি থকাৰ সময়তে চৰকাৰে এই সিদ্ধান্তৰে শিক্ষিত যুৱক-যুৱতীসকলৰ মূৰত ৰামটাঙোন সোধাইছে বুলিও মন্তব্য কৰে ।
একেদৰে ত্ৰিশ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকৰ জীৱনলৈ চৰকাৰে ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি প্ৰতিবাদকাৰীসকলে কয় যে, ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি নিশ্চিত কৰি নিৰাপত্তাৰ লগতে সকলো সা-সুবিধাৰে চাকৰি স্থায়ী কৰাৰ দাবী জনাই আহিছে ।