গুৱাহাটী, 4 জুন : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি অংকিতা দত্তৰ । মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে অধ্যাপকগৰাকীক নিযুক্তি দিয়াক লৈ সৰৱ অংকিতা দত্ত ৷ অধ্যাপকগৰাকীৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয় আভ্যন্তৰীণ অভিযোগ দাখিল কমিটিৰ ওচৰত দাখিল কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ ৷ তথ্য অনুসৰি ন্যায় পোৱাৰ বিপৰীতে ভুক্তভোগী ছাত্ৰীগৰাকীক 2017 চনৰ 21 জুলাইত অভিযোগ উঠাই ল'বলৈ ছাত্ৰীগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ যদিও ছাত্ৰীগৰাকীয়ে অভিযোগ উঠাই লোৱাৰ পক্ষপাতী নোহোৱাত 2016 চনৰ 30 নৱেম্বৰত ডঃ ডম্বৰুধৰ নাথে স্বাস্থ্য জনিত অজুহাত দেখুৱাই অৱসৰ বাবে আবেদন জনায় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি লয় ।
পুনৰ অধ্যাপক ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ প্ৰসংগঃ সৰৱ অংকিতা দত্ত - ডিব্ৰুগড় বিশ্ববিদ্যালয়
ডঃ ডম্বৰুধৰ নাথকে মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াক লৈ আশ্বৰ্য প্ৰকাশ অংকিতা দত্তৰ ৷ ৰাজীৱ ভৱনত সংবাদমেলযোগে অৱগত কৰিলে নাথৰ বিৰুদ্ধে থকা অভিযোগ ৷
তাৰ পৰৱৰ্তী পৰ্যায়ত ডঃ ডম্বৰুধৰ নাথে অৰুণাচল ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেছৰ হিচাপে পাঠদান কৰিছিল যদিও অভিযোগ পুনৰ উত্থাপন হোৱাৰ বাবে বিদায় লব লগা পৰিস্থিতি সন্মুখীন হৈছিল তেওঁ । কিন্তু 2019 বৰ্ষৰ 28 মে'ত সেই ডঃ ডম্বৰুধৰ নাথকে মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াক লৈ আশ্বৰ্য প্ৰকাশ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতিগৰাকীয়ে । যি সময়ত বেটি বচাও বেটি পঢ়াও শ্লোগানৰ আধাৰত কাৰ্য কৰাৰ প্ৰয়াস কৰিছে বিজেপি চৰকাৰে সেই সময়তে ডঃ ডম্বৰুধৰ নাথৰ দৰে ব্যক্তিয়ে সন্মানীয় পদত নিযুক্তি দিয়াটো দুখ জনক বিষয় বুলি কয় অংকিতা দত্তই । লগতে তেওঁক পদৰ পৰা বৰ্খাস্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷