গুৱাহাটী,১৭ জুন: ৰাজ্যত সৃষ্টি হোৱা অবৰ্ণনীয় বান পৰিস্থিতিৰ বাবে আৰু শেহতীয়াকৈ বিহাৰত কামাখ্যা ৰে'লৱে ষ্টেচন অভিমুখী লোহিত এক্সপ্ৰেছত অগ্নি সংযোগৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেবাখনো ৰে'ল চলাচল আংশিকভাৱে আৰু সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে(Cancelled several trains) । আকৌ সলনি কৰা হৈছে কেবাখনো ৰে'লৰ যাত্ৰাপথ(Changed the route of several trains) ।
নলবাৰী আৰু ঘগ্ৰাপাৰৰ মাজত ৰে'লপথত পানী জমা হোৱাৰ পৰিপ্ৰেক্ষিতত কেবাখনো ৰে'লসেৱা বাতিল কৰাৰ লগতে যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে । ৰে'ল নং 15753 আলিপুৰদুৱাৰ-গুৱাহাটী চিফুং এক্সপ্ৰেছৰ সেৱা নলবাৰী আৰু গুৱাহাটীৰ মাজত আংশিকভাৱে বাতিল কৰা হৈছে । ৰে'ল নং 15770 লামডিং-আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ গুৱাহাটী আৰু আলিপুৰদুৱাৰৰ মাজত আংশিকভাৱে বাতিল কৰা হৈছে ।
ৰে'ল নং 15769 আলিপুৰদুৱাৰ-লামডিং-ইণ্টাৰচিটি এক্সপ্ৰেছ আলিপুৰদুৱাৰ আৰু গুৱাহাটীৰ মাজত আংশিকভাৱে বাতিল কৰা হৈছে । আনহাতে নিউ বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত চলাচল কৰা নিউ বঙাইগাঁও গুৱাহাটী যাত্ৰীবাহী ৰেল বাতিল কৰা হৈছে । ইপিনে ১৫ জুনত নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছখন গোৱালপাৰা হৈ গুৱাহাটী পাবহি । ১৬ জুনত যাত্ৰা আৰম্ভ কৰা ৰে'ল নং 15658 কামাখ্যা-দিল্লী ব্ৰহ্মপুত্ৰ মেইল কামাখ্যা-গোৱালপাৰা হৈ চলিব বুলি জানিব পৰা গৈছে ।