নিউজ ডেস্ক, 20 নৱেম্বৰ : দিল্লীৰ আছাম হাউচ এতিয়া একপ্ৰকাৰ যেন জনতা ভৱনলৈহে পৰিৱৰ্তন হৈছে ৷ কিয়নো ৰাজধানী দিছপুৰ এতিয়া প্ৰায় খালী ৷ মন্ত্ৰীতো বাদেই, কোনো বিভাগৰে শীৰ্ষ আমোলাসকল এতিয়া জনতা ভৱনত নাই ৷ আনহে নালাগে, জিলা পৰ্যায়ৰ বহু শীৰ্ষ বিষয়াৰো এতিয়া ঠিকনা হৈছেগৈ দিল্লী ৷
কেৱল মুখ্যমন্ত্ৰী, মন্ত্ৰী বা আমোলা বিষয়াই নহয়, শাসক দলৰ বহুসংখ্যক বিধায়কে বাহৰ পাতিছে দিল্লীত ৷ কোনাবা যদি আছে আছাম হাউচত, আন কোনাবা আছেগৈ কোনো বিলাসী হোটেলত ৷ মুঠতে সকলো মিলি দেশৰ ৰাজধানী দিল্লী এতিয়া উথপথপ ৷ আছাম হাউচতো বিয়াঘৰৰ ব্যস্ততা (Assam House Delhi) ৷ উদ্দেশ্য- মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উদযাপন ৷
মহাবীৰ লাচিত বৰফুনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্য এইবাৰ সমগ্ৰ দেশতে লাচিত দিৱস উদযাপনৰ দিহা কৰিছে অসম চৰকাৰে (Lachit Divas in Delhi)৷ 23 নৱেম্বৰৰ পৰা দিল্লীত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তীৰ উদযাপনৰ বাবে চলিছে বিশাল আয়োজন ৷ দিল্লীৰ বিজ্ঞান ভৱনত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে লাচিত দিৱস ৷ ইতিমধ্য দিল্লীৰ বিভিন্ন স্থানত জিলিকিছে লাচিতৰ প্ৰতিচ্ছবি ৷ আনকি মেট্ৰ’ ষ্টেচনসমূহৰ লগতে ট্ৰেইনতো লগোৱা হৈছে লাচিতৰ ছবি ৷ এই ব্যয়বহুল তথা বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে অসমৰ মন্ত্ৰী-আমোলাই ভিৰ কৰিছেগৈ দিল্লীত ৷
বিগত তিনিদিন ধৰি অসমত নাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এফালে গুজৰাটৰ নিৰ্বাচন, আনফালে বিশ্ব দৰবাৰলৈ লাচিত বৰফুকনক লৈ যোৱাৰ প্ৰস্তুতি ৷ গতিকে ব্যস্ত মুখ্যমন্ত্ৰীয়ে দিল্লীৰ আছাম হাউচত বাহৰ পাতি গুজৰাট আৰু দিল্লী দুয়োখন ঠাই চম্ভালি থাকিবলগীয়া হৈছে ৷ এবাৰ যদি গুজৰাটলৈ গৈ বিজেপিৰ নিৰ্বাচনী সভাত অংশ লয়, এবাৰ দিল্লীৰ লাচিত দিৱসৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, ইতিমধ্যে ৰাজ্যৰ অধিকাংশ মন্ত্ৰীও ব্যস্ত হৈ আছে দিল্লীত ৷ বাকী থকা কেইজনো যিকোনা মুহুৰ্ততে দিল্লীলৈ উৰা মৰাৰ বাবে সাজু হৈ আছে ৷ মুঠতে দিছপুৰ খালী কৰি দিল্লীৰ লাচিত দিৱসৰ কাৰ্যসূচীত দেহে-প্ৰাণে খাটিছে অসমৰ মন্ত্ৰীগণে ৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বাবে ২৫ লাখ টকা ব্যয় সাপেক্ষে প্রস্তুত কৰা হৈছে থীম ছং ।
অনুষ্ঠান সফল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আটাইকেইজন মন্ত্রী, বিৰোধী দলপতি দেবব্রত শইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু আমিনুল ইছলাম, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ বিষয়াক লৈ মূল কমিটী, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত অভ্যর্থনা উপ সমিতি, মন্ত্রী অশোক সিংঘালৰ নেতৃত্বত অনুষ্ঠানস্থলী ব্যৱস্থাপনা উপ সমিতি, মন্ত্রী কেশৱ মহন্তৰ নেতৃত্বত প্রদর্শনী উপ সমিতি, মন্ত্রী বিমল বৰাৰ নেতৃত্বত সাংস্কৃতিক উপ-সমিতি, মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আলোচনাচক্ৰ উপ সমিতি, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মুকলি সভা উপ সমিতি, মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নেতৃত্বত তথ্যচিত্ৰ আৰু গ্ৰন্থ উপ-সমিতি, মন্ত্রী অতুল বৰাৰ নেতৃত্ব একোমোডেছন উপ-সমিতি, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পৰিবহন উপ সমিতি, মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত খাদ্য উপ সমিতি, মন্ত্ৰী পীযূষ হাজৰিকাৰ নেতৃত্বত মিডিয়া আৰু প্ৰচাৰ উপ সমিতি গঠন কৰা হৈছে ।