গুৱাহাটী, ২৩ মাৰ্চ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে দিছপুৰত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Several key Decisions taken At Assam Cabinet Meeting)। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Assam cabinet minister Pijush Hazarika) ।
কেবিনেটত কাজিৰঙাৰ ভৱিষ্যত, সুৰক্ষা আৰু প্ৰ'মচনৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষেত্ৰত ইক' ছেনচিটিভ জ'ন নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত দাঁতিকাষৰীয়া এলেকাৰ লোকে বিভিন্ন সমস্যাৰ সন্মূখীন হ'বলগীয়া হয় । উন্নয়নমূলক কাম-কাজ নহয় । আজিৰ কেবিনেটে কাজিৰঙাৰ কিছু এলেকা ইক' ছেনচিটিভ জ'ন (Eco Sensitive Zon of Kaziranga) ঘোষণা কৰাৰ ড্ৰাফট নটিফিকেশ্বনত অনুমোদন জনায় ।
কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ অধীনত সাতটা সংৰক্ষিত এলেকা থাকিব । সেই সংৰক্ষিত এলেকাকেইটা হৈছে - কাজিৰঙা নেচনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, নামবৰ দৈগুৰুং বন্যপ্ৰাণী অভয়াৰণ্য, ইষ্ট কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য আৰু নৰ্থ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য । কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ অধীনত এইকেইটা সংৰক্ষিত এলেকা হৈ থাকিব ।
লগতে পঢ়ক :মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব