অসম

assam

ETV Bharat / state

কি কি সিদ্ধান্ত ল’লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ত্ৰয়োদশ কেবিনেটে ?

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিয়াৰনেচ এলাউন্স ১৭ শতাংশৰ পৰা বৃদ্ধি কৰি ২৮ শতাংশ কৰা হৈছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ মাহে ২০০ কোটি টকা ব্যয় হ'ব । তাৰোপৰি কেবিনেটে ৫২,৫০০ পদত নিযুক্তিৰ বাবে অনুমোদন জনাইছে ।

স্বাস্থ্য বিভাগৰ ৮,৮৫৫ টা পদত নিযুক্তিৰ বাবে অনুমোদন কেবিনেটৰ
স্বাস্থ্য বিভাগৰ ৮,৮৫৫ টা পদত নিযুক্তিৰ বাবে অনুমোদন কেবিনেটৰ

By

Published : Aug 11, 2021, 10:36 PM IST

Updated : Aug 11, 2021, 10:42 PM IST

গুৱাহাটী, ১১ আগষ্ট : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ত্রয়োদশখন কেবিনেট বৈঠক বুধবাৰে অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী কেশৱ মহন্ত, অজন্তা নেওগ আৰু পীযুষ হাজৰিকাই ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ৮,৮৫৫ টা পদত নিযুক্তিৰ বাবে কেবিনেটে অনুমোদন জনায় । ছেপ্টেম্বৰত নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰা হ'ব । নিযুক্তি হ'ব লগা পদসমূহ হৈছে চিকিৎসক, নাৰ্ছ আৰু পেৰামেডিকেলচৰ পদ । ছেপ্টেম্বৰত আবেদন পত্ৰ গ্ৰহণেৰে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব । ইতিমধ্যে কেবিনেটে ৫২,৫০০ পদত নিযুক্তিৰ বাবে অনুমোদন জনাইছে ।

স্বাস্থ্য বিভাগৰ ৮,৮৫৫ টা পদত নিযুক্তিৰ বাবে অনুমোদন কেবিনেটৰ

লগতে পঢ়কঃ বিধানসভাতেই কথাৰ কটাকটি মুখ্যমন্ত্ৰী-অখিল গগৈৰ

এই কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে । ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিয়াৰনেচ এলাউন্স ১৭ শতাংশৰ পৰা বৃদ্ধি কৰি ২৮ শতাংশ কৰা হৈছে । কেবিনেটে ডিয়াৰনেচ এলাউন্স ১১ শতাংশ বৃদ্ধি কৰিলে । ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ মাহে ২০০ কোটি টকা ব্যয় হ'ব । তাৰোপৰি কেবিনেটে ক'ভিডৰ সময়ত বাহিৰলৈ গৈ লকডাউনৰ বাবে আহিব নোৱাৰা চৰকাৰী কৰ্মচাৰীসকলৰ অনুপস্থিতিৰ ছুটি মঞ্জুৰ কৰিছে ।

আনহাতে, নিবনুৱা সমস্যাৰ সমাধানৰ বাবে পৰিবহন বিভাগ আৰু দক্ষতা বিকাশ বিভাগে গ্ৰহণ কৰিবলগীয়া এক উল্লেখযোগ্য কাৰ্যসূচীৰ ক্ষেত্রত কেবিনেটে অনুমোদন জনাইছে । প্ৰত্যেকটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক বিনামূলীয়াকৈ গাড়ী চলোৱাৰ প্ৰশিক্ষণ দিয়া হ'ব । এই প্ৰশিক্ষণ ৪৫ দিনৰ হ'ব আৰু ৬৬০০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ'ব । প্ৰশিক্ষণৰ পাছত তেওঁলোকক গাড়ী চলোৱাৰ অনুজ্ঞাপত্র প্ৰদান কৰা হ'ব । প্ৰশিক্ষণ লাভ কৰা সকলে বাণিজ্যিক বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য আগবঢ়াব ।

আনহাতে, অসমত জনজাতি তালিকাভুক্ত সম্প্ৰদায়সকলৰ ভিতৰত লালুং বুলি এটা সম্প্ৰদায় আছে । তেওঁলোকক সকলোৱে তিৱা বুলিয়ে জানে । বুধবাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে যে লালুঙৰ ঠাইত তিৱা শব্দটো ব্যৱহাৰ কৰাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব ।

লগতে পঢ়কঃ চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

Last Updated : Aug 11, 2021, 10:42 PM IST

ABOUT THE AUTHOR

...view details