গুৱাহাটী,২০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ শুনানিত কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতাই অংশ গ্ৰহণ কৰি নিজ নিজ সমষ্টিৰ বিভিন্ন ওজৰ-আপত্তি দাঙি ধৰে ।
শুনানিত অংশ গ্ৰহণ কৰা মঙলদৈ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক বসন্ত দাসে সংবাদ মাধ্যমৰ আগত কয় যে সমষ্টিৰ সীমাৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰা হৈছে । ভৌগোলিকভাৱে কোনো ধৰণৰ মিল নথকাকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে । এই বিষয়ত আয়োগক কোৱা হৈছে ।
বিজেপি চৰকাৰৰ নিৰ্দেশ মৰ্মে এই খচৰা প্ৰস্তুত কৰা হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে ইয়াত এটা বিশেষ জনগোষ্ঠীক এফালে ৰখা হৈছে আৰু আন এটা জনগোষ্ঠীক আন এফালে ৰখা হৈছে । খিলঞ্জীয়া এছ চিৰ (SC) বাবে কেইখন আসন সংৰক্ষণ কৰিছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
বাহিৰৰ পৰা অহা এছ চিৰ বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ডিলিমিটেচন এক্টৰ আধাৰত এই প্ৰক্ৰিয়া হোৱা নাই । তেওঁ কয় যে ধৰ্মৰ ভিত্তিত কেতিয়াও সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে ।