অসম

assam

ETV Bharat / state

MP Fund: সাংসদ পুঁজি ব্যয়ত ব্যৰ্থ উচ্চ সদনত অসমক প্ৰতিনিধিত্ব কৰা সাতগৰাকী প্ৰতিনিধি - ৰাজ্যসভাৰ সাংসদ

জনপ্রতিনিধিৰ চৰম ব্যর্থতা । ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰা সাতগৰাকী সাংসদে ব্যয় কৰা নাই এলেকা উন্নয়ন পুঁজিৰ প্ৰায় ৫৫ শতাংশ ধন । মুকলি কৰি দিয়া ৪০ কোটি টকাৰ এই পৰ্যন্ত ব্যয় কৰিছে ১৮.২৪ কোটি টকা ।

MP Fund
MP Fund

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 3:54 PM IST

গুৱাহাটী,২৬ আগষ্ট: ৰাজ্যখনৰ বিভিন্ন সমস্যা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্রত সাংসদসকলৰ যথেষ্ট ভূমিকা থাকে । লোকসভাৰ দৰে ৰাজ্যসভাৰ সাংসদ সকলৰো যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে । সংসদৰ উচ্চ সদনত অসমক প্রতিনিধিত্ব কৰা সাতগৰাকীকৈ সাংসদ আছে যদিও তেওঁলোকে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সঠিকমতে পালন কৰিব পাৰিছে নে নাই তাক লৈ স্বাভাৱিকতে সাধাৰণ জনতাৰ মনত প্ৰশ্নৰ উদয় হয় ।

সেইদৰে সাংসদ পুঁজিৰ ব্যৱহাৰৰ প্ৰসংগটোও জড়িত হৈ আছে । কিন্তু অসমৰ ক্ষেত্রত সাংসদ পুঁজিৰ ব্যয়ৰ দিশটো সন্তুোষজনক নহয় । লক্ষণীয় বিষয় যে ৰাজ্যসভাত অসমৰ সাতগৰাকী প্ৰতিনিধি আছে আৰু এই সাতগৰাকী প্ৰতিনিধিয়ে সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ প্ৰায় ৫৫ শতাংশ ধন এইপর্যন্ত ব্যয় কৰিবলৈ সক্ষম হোৱা নাই ।

কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্র্যালয়ে জুলাই মাহত প্ৰকাশ কৰা এক প্রতিবেদনত এই তথ্য সদৰী কৰিছে । প্রতিবেদনত উল্লেখ কৰা মতে অসমত লোকসভাৰ ১৪ গৰাকী সাংসদৰ বিপৰীতে ৰাজ্যসভাৰ সাতগৰাকী সাংসদ আছে ।

উল্লেখ্য যে লোকসভাৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্ধাৰিত এলেকা থাকে যদিও ৰাজ্যসভাৰ সাংসদৰ পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত কোনো নিৰ্ধাৰিত এলেকা নাথাকে । ৰাজ্যসভাত অসম প্রতিনিধিত্ব কৰা সাতগৰাকী সাংসদৰ ভিতৰত আছে ভুবনেশ্বৰ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কামাখ্যা প্রসাদ তাছা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অজিত কুমাৰ ভূঞা, ৰণগৌৰা নাৰ্জাৰী আৰু পৱিত্র মাৰ্ঘেৰিটা ।

তথ্য অনুসৰি যোৱা জুলাইলৈ ৰাজ্যসভাৰ এই সাতগৰাকী সাংসদৰ বিপৰীতে ধার্য কৰা হৈছে মুঠ ৬০ কোটি টকা । কিন্তু কেন্দ্ৰীয় চৰকাৰে সাতগৰাকী ৰাজ্যসভাৰ সাংসদৰ বিপৰীতে স্থানীয় এলেকা উন্নয়ন পুঁজি শিতানত মুকলি কৰি দিছে ৪০ কোটি টকা । কিন্তু অসমৰ এই সাতগৰাকী সাংসদে জুলাই মাহলৈকে মুকলি কৰি দিয়া ৪০ কোটি টকাৰ ভিতৰত মাত্র ১৮.২৪ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে ।

সাংসদ কেইগৰাকীয়ে এই পর্যন্ত ২১.৭৬ কোটি টকা ব্যয় কৰিবলৈ সক্ষম হোৱা নাই । অর্থাৎ সাংসদ কেইগৰাকীয়ে লাভ কৰা মুঠ পুঁজিৰ ৪৫.৬০ শতাংশ ধন এইপর্যন্ত ব্যয় কৰিবলৈ সক্ষম হৈছে ।

প্রতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি এই পর্যন্ত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই লাভ কৰা ২.৫০ কোটি টকাৰ ভিতৰত ১.১০ কোটি টকা, ৰণগৌৰা নাৰ্জাৰীয়ে ২.৫০ কোটি টকাৰ ভিতৰত ২.৫০ কোটি টকা, অজিত কুমাৰ ভূঞাই লাভ কৰা ৭ কোটি টকাৰ ভিতৰত ২.৫১ কোটি টকা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই লাভ কৰা ৯.৫০ কোটি টকাৰ ভিতৰত ১.৫৩ কোটি টকা, কামাখ্যা প্ৰসাদ তাছাই লাভ কৰা ৭ কোটি টকাৰ ভিতৰত ৩.৫৫ কোটি টকা আৰু সৰ্বানন্দ সোণোৱালে লাভ কৰা ৪.৫০ কোটি টকাৰ ভিতৰত ২.২৮ কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদৰ সৰ্বমুঠ কার্যকাল হ’ল ৬ বছৰ আৰু প্ৰতিগৰাকী সাংসদে এটা বিত্তীয় বৰ্ষত সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজি শিতানত ৫ কোটি টকাকৈ লাভ কৰে । কিন্তু ৰাজ্যসভাৰ অসমৰ সাংসদ সকলে এলেকা উন্নয়নৰ বাবে মোকলাই দিয়া পুঁজি ব্যয় কৰাৰ ক্ষেত্রত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।

লগতে পঢ়ক:MLA Akhil Gogoi on Assam cm : বিজেপি দ’লৰ ভিতৰচ’ৰাত বিসম্বাদ হোৱাটো খাটাং বুলি ক’লে বিধায়ক অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details