গুৱাহাটী, 14 মে' : 12 মে' ৰ নিশা সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেইণ্টাইন চেণ্টাৰলৈ 6 খন বিশেষ বাছ যোগ মুম্বাইৰ পৰা অহা কৰ্কট ৰোগী সকলৰ ভিতৰত 7 জনৰ শৰীৰত ধৰা পৰিছে Covid-19 ৰ উপস্থিতি ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিলে এই তথ্য ৷
আক্ৰান্ত সকলৰ ভিতৰত তিনিজন কৰ্কট ৰোগী, এগৰাকী 13 বছৰীয়া হৃদ ৰোগী আৰু তিনি গৰাকী ৰোগীৰ আত্মীয় বুলি জানিব পৰা গৈছে ৷