অসম

assam

By

Published : Feb 26, 2023, 2:22 PM IST

ETV Bharat / state

Drugs seized at Nagaon : নগাঁৱত ড্ৰাগছৰ ঘাটি উৎখাত; 15 লাখ টকাৰ ড্ৰাগছ জব্দ

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষী, চি আৰ পি এফৰ অভিযান (Anti drugs mission at Nagaon) । ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলায়ো যেন ৰক্ষা পোৱা নাই আৰক্ষীৰ পৰা । মাটি খান্দি জব্দ কৰিলে কেইবা লক্ষাধিক টকাৰ হেৰ'ইন । এগৰাকী মহিলাৰ লগতে মুঠ 7 টাকৈ ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত (drugs pedller arrested At Nagaon) ।

Drugs seized at Nagaon
ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নগাঁও, 26 ফেব্ৰুৱাৰী : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আৰক্ষী, চি আৰ পি এফৰ অভিযান অব্যাহত থকাৰ সময়তে নিত্য নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে (Anti drugs mission at Nagaon) । কৌশল সলায়ো যেন আৰক্ষীৰ পৰা ৰক্ষা পোৱা নাই ড্ৰাগছ সৰবৰাহকাৰীয়ে । পুনৰ মাটি খান্দি ড্ৰাগছ বিচাৰি অভিযান চলালে নগাঁৱৰ জুৰীয়া আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে । শনিবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুৰীয়াৰ নগাবন্ধা অঞ্চলত অভিযান চলায় জুৰীয়া আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে (7 drugs pedller arrested At Nagaon)।

কাতিমাৰিস্থিত চি আৰ পি এফৰ 34 নং বেটেলিয়ন আৰু জুৰীয়া জুৰীয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই নগাবন্ধাত । জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনীৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ দলে নগাবন্ধাৰ ছাইফুল ইছলামৰ ঘৰত ড্ৰাগছৰ সন্ধানত চলায় অভিযান । ছাইফুল ইছলামৰ ঘৰত মাটি খান্দি চলোৱা অভিযানত কেইবা লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী, চি আৰ পি এফৰ দলটোৱে ।

ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মাটিৰ তলৰ পৰা হেৰ'ইন ভৰ্তি 15 টাকৈ চাবোনৰ বাকচ জব্দ কৰে আৰক্ষী চি আৰ পি এফৰ দলটোৱে । প্ৰায় দুশ গ্ৰাম ওজনৰ হেৰ'ইন মাটিৰ তলৰ পৰাই জব্দ কৰে অভিযানকাৰী দলটোৱে । জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য 15 লাখ টকাৰো অধিক বুলি অনুমান কৰা হৈছে । ড্ৰাগছ বিৰোধী এই অভিযানত হেৰ'ইনখিনি জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ মুঠ 7 জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে (Drugs seized at Nagaon) ।

আৰক্ষী আৰু চি আৰ পি এফৰ দলটোৱে জুৰীয়াৰ নগাবন্ধা অঞ্চলৰ ছাইফুল ইছলাম, ছাইফুল ইছলামৰ পত্নী জহুৰা খাতুন, জুৰীয়া ধিং বড়ি পথাৰৰ ইনামূল হ'ক, উদমাৰীৰ জাকিৰ হুছেইন, নাৰামাৰীৰ এমাৰুল হুছেইন, হেৰাপতিৰ মাইন উদ্দিন আৰু সহিদুল ইছলামক ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক কৰিবলৈ সক্ষম হয় । অভিযানত আৰক্ষী আৰু চি আৰ পি এফৰ দলটোৱে নগদ প্ৰায় তিনি লাখ টকা, 7 টা মোবাইল হেণ্ডছেট, দুখন মটৰ চাইকেল, এখন স্কুটি আৰু এখন ই ৰিক্সাও জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Drugs paddler arrested: তিনিচুকীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details