অসম

assam

ETV Bharat / state

পুনৰ বিজেপিৰ সাত গৰাকী সদস্যক বহিস্কাৰ - বিজেপিৰ মনোনীত প্ৰাৰ্থী

বিজেপিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে সাত গৰাকী সদস্যক দলৰ পৰা ছয় বছৰৰ বাবে বহিস্কাৰ কৰিলে বিজেপিয়ে ৷

পুনৰ বিজেপিৰ সাতজন সদস্যক বহিস্কাৰ
পুনৰ বিজেপিৰ সাতজন সদস্যক বহিস্কাৰ

By

Published : Mar 28, 2021, 8:42 PM IST

Updated : Mar 28, 2021, 9:13 PM IST

গুৱাহাটী,২৮ মাৰ্চ: দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত বিজেপিয়ে পুনৰ সাত গৰাকী সদস্যক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছে । বিজেপিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে সদস্য কেইগৰাকীক দলৰ পৰা ছয় বছৰৰ বাবে বহিস্কাৰ কৰা হৈছে বুলি বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজদীপ ৰায়ে জনাইছে ।

পুনৰ বিজেপিৰ সাতজন সদস্যক বহিস্কাৰ

দলীয় সংবিধানৰ ধাৰা ২৫ৰ উপধাৰা ৯ অনুসৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে তাৎক্ষনিক ভাৱে বলবৎ হোৱাকৈ তেওঁলোকক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰিছে । বহিস্কাৰ কৰা সাতজন সদস্য হৈছে, গোৱালপাৰাৰ দীপক ৰাভা, দিছপুৰৰ শৈলেন কলিতা, বৰক্ষেত্রীৰ শান্তনু কলিতা, ধৰ্মপুৰৰ জ্যোতিৰ্ময় শৰ্মা, ধুবুৰীৰ মোবাৰক হুছেইন, পশ্চিম গুৱাহাটীৰ বলেশ্বৰ ৰংপি আৰু পূৱ গোৱালপাৰাৰ ধৰ্ম নাৰায়ন নাথ ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিজেপিয়ে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ১৬ গৰাকী সদস্যক দলৰ প্ৰাথমিক সদস্যৰ পৰা ছয় বছৰৰ বাবে বহিস্কাৰ কৰিছিল ৷

লগতে পঢ়ক:৩০ মাৰ্চৰ সন্ধিয়া ৬ বজাত সমাপ্ত কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ

Last Updated : Mar 28, 2021, 9:13 PM IST

ABOUT THE AUTHOR

...view details