অসম

assam

ETV Bharat / state

Allegation against Satra Mahasabha : মাজুলী সত্ৰ মহাসভাৰ সভাপতিক খ্ৰীষ্টান মিছনেৰী এজেণ্ট আখ্যা - Satra Mahasabha Majuli

‘‘খ্ৰীষ্টান মিছনেৰীৰ এজেণ্ট হিচাপে কাম কৰিছে সত্ৰ মহাসভা, মাজুলী জিলাৰ সভাপতিয়ে’’ । গুৰুতৰ অভিযোগ বিশ্ব হিন্দু মহাসভা, অসমৰ সাধাৰণ সম্পাদক বলেন বৈশ্যৰ (allegation against Satra Mahasabha Majuli) ।

Satra
Satra

By

Published : Nov 7, 2022, 6:59 PM IST

গুৱাহাটী, ৭ নৱেম্বৰ :অসম সত্ৰ মহাসভাৰ (Assam Satra Mahasabha) মাজুলী জিলাৰ সভাপতি হৰিদেৱ গোস্বামীয়ে খ্ৰীষ্টান মিছনেৰীৰ এজেণ্ট হিচাপে মাজুলীত কাম কৰি আছে । এই অভিযোগ বিশ্ব হিন্দু মহাসংঘ, অসমৰ সাধাৰণ সম্পাদক বলেন বৈশ্যৰ (Biswa Hindua Mahasangha Assam) । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত মহাসংঘৰ সাধাৰণ সম্পাদক বলেন বৈশ্যই সত্ৰ মহাসভাৰ মাজুলী জিলা সমিতিয়ে লিখা এখন পত্ৰৰ প্ৰসংগ টানি এই অভিযোগ উত্থাপন কৰে ।

তেওঁ সংবাদমেলত মাজুলীত কোনো বিশেষ সাংগঠনিক স্থিতি নথকা সত্ৰ মহাসভাই যোৱা ২০ অক্টোবৰত বিশ্ব হিন্দু মহাসংঘ, অসমৰ সভাপতি জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে এখন ৰাজহুৱা সভা আহ্বান কৰি যিবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে সেই প্ৰস্তাৱসমূহ লিখিতভাৱে প্ৰেৰণ কৰে (Janarddan Dev Goswami controversy in Majuli) ।

জনাৰ্দ্দন দেৱগোস্বামীয়ে বৈদ্যুতিন মাধ্যমত আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ অজুহাতত অসম সত্ৰ মহাসভা, মাজুলী জিলাই আহ্বান জনোৱা ৰাজহুৱা সভাখনত চর্চিত কথাবোৰ উল্লেখ কৰি লিখা চিঠিখনত জনাৰ্দ্দন দেৱগোস্বামীৰ ক্ষেত্ৰত পাষণ্ড, নীচ আদি শব্দ ব্যৱহাৰ তথা উল্লেখ কৰিছে । সমাজক নীতিশিক্ষা দিবলৈ অহা সত্ৰ মহাসভাৰ মাজুলী জিলা সভাপতি হৰিদেৱ গোস্বামীৰ সভাপতিত্বত চলা এখন ৰাজহুৱা সভাত এজন লোকৰ ক্ষেত্ৰত এনে অশালীন শব্দ প্রয়োগ কৰা কিমান উচিত আছিল আৰু একে শব্দ সম্পাদনা নকৰাকৈ জনাৰ্দ্দন গোস্বামীলৈ চিঠি প্ৰেৰণ কৰাটো সত্ৰ মহাসভাৰ আদৰ্শ নেকি বুলিও বৈশ্যই প্রশ্ন উত্থাপন কৰে (Satra Mahasabha Majuli) ।

Satra Mahasabha : মাজুলী সত্ৰ মহাসভাৰ সভাপতিক খ্ৰীষ্টান মিছনেৰী এজেণ্ট আখ্যা

তেওঁ লগতে একপক্ষীয়ভাৱে এজন লোকক দোষী সাব্যস্ত কৰি এঘৰীয়া কৰি শাস্তি প্ৰদান কৰাৰ অধিকাৰ হৰিদেৱ গোস্বামীয়ে ক'ত পালে বুলিও অসম সত্ৰ মহাসভাক প্ৰশ্ন কৰে । বৈশ্যই অসম সত্ৰ মহাসভা, মাজুলী জিলাই জনাৰ্দ্দন দেৱগোস্বামীক দোষী সাব্যস্ত কৰি ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনায় ।

অন্যথা সত্ৰ মহাসভা, মাজুলী জিলাই আইনৰ কাষ চপা কথা চিঠিখনত উল্লেখ কৰা বুলি কৈ মাজুলী জিলা সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামীক পুনৰ প্ৰশ্ন কৰে যে, যদি তেওঁলোকে আইনৰ কাষেই চাপে তেনেহ'লে জনাৰ্দ্দন দেৱগোস্বামীক একপক্ষীয়ভাৱে দোষী সাব্যস্ত কৰি ক্ষমা খুজিবলৈ আৰু এঘৰীয়া কৰিবলৈ বিচাৰক হোৱাৰ অধিকাৰ কোনখন আইনে হৰিদেৱ গোস্বামীক দিলে ? মুঠতে মাজুলীত খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদী মুখখন বন্ধ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে হৰিদেৱ গোস্বামী এণ্ড কোম্পানী বুলি বৈশ্যই মত পোষণ কৰে ।

সংবাদমেলত বৈশ্যই সত্ৰ মহাসভাক এই প্রশ্নসমূহৰ উত্তৰ দিবলৈও প্ৰত্যাহ্বান জনায় । অন্যথা অসম চৰকাৰে সত্ৰসমূহক দিয়া অনুদানৰ নামত সত্ৰ মহাসভাৰ নেতৃবৰ্গই চলাই থকা বিত্তীয় লেনদেনকে ধৰি মধুপুৰ সত্ৰত এজন বঙালী লোকক কিহৰ স্বাৰ্থত ডেকা সত্ৰাধিকাৰ হিচাপে নিৰ্মালী দিয়া হ'ল এই সমস্ত ঘটনা একাদিক্ৰমে ৰাজহুৱা কৰিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :GMC Mud scandal: আৰক্ষীৰ জালত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত তছদিকুৰ ৰহমান

ABOUT THE AUTHOR

...view details