গুৱাহাটী, 23 জুলাই:দিছপুৰ মহাবিদ্যালয়ত ব্যতিক্ৰমী পদক্ষেপ ৷ মহাবিদ্যালয়খনত অধ্যয়নৰত তৃতীয় লিংগৰ ছাত্ৰ-ছাত্ৰীৰ সুবিৰ্ধাথে মুকলি কৰিলে প্ৰস্ৰাৱগাৰ, শৌচাগাৰ (Separate washroom for third gender students in Dispur college)৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ নৱজ্যোতি বৰাই শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে এই প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ (Special Bathroom for third gender students)৷
তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলে(Dispur college third gender students) সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সুকীয়া ব্যৱস্থা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মহাবিদ্যালয়খনত প্ৰায় তৃতীয় লিংগৰ ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল ৷ ছাত্ৰ-ছাত্ৰীসকলে বিশেষভাৱে তেওঁলোকে প্ৰস্ৰাৱগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ কথা সদৰি কৰিছিল ৷ তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলে এটা সুকীয়া প্ৰস্ৰাৱগাৰৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ কৰিছিল (Third gender Students demands Separate washroom) ৷