আজাৰা, 6 অক্টোবৰ :দক্ষিণ কামৰূপৰ পলাশবাৰীৰ জজীত অচেতন অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱক । ধাননি পথাৰত অচেতন অৱস্থাত উদ্ধাৰ হোৱা অচিনাকী যুৱক জনকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । যুৱকজনক ধাননি পথাৰত অচেতন অৱস্থাত দেখি স্থানীয়লোকে খবৰ দিয়ে আৰক্ষীক । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অচেতন অৱস্থাত থকা যুৱকজনক ততাতৈয়াকে মিৰ্জাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । যুৱকজনৰ শৰীৰত আঘাতৰ চিন পৰিলক্ষিত নোহোৱাত কোনো দুৰ্বত্তই নিচাজাতীয় দ্ৰব্য খুৱাই যুৱকজনৰ ওপৰত লুটপাট কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে ।
পলাশবাৰীত ধাননি পথাৰত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ যুৱক - দক্ষিণ কামৰূপ
পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, যুৱকজন গড়চুকৰ পৰা নিজৰ ঘৰ মেঘালয়ৰ তুৰালৈ গৈ আছিল । কিন্তু কেনেকৈ পলাশবাৰীৰ দক্ষিণ প্ৰান্তৰ জজীত অচেতন অৱস্থাত উদ্ধাৰ হ‘ল তাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।
পলাশবাৰীত ধাননি পথাৰত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ যুৱক
পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, যুৱকজন গড়চুকৰ পৰা নিজৰ ঘৰ মেঘালয়ৰ তুৰালৈ গৈ আছিল । কিন্তু কেনেকৈ পলাশবাৰীৰ দক্ষিণ প্ৰান্তৰ জজীত অচেতন অৱস্থাত উদ্ধাৰ হ‘ল তাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । বৰ্তমান যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । পৰৱৰ্তী সময়ত যুৱকজনে চেতনা ঘুৰাই পালে হে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।
লগতে পঢ়ক:পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ