অসম

assam

ETV Bharat / state

Guwahati robbery: নুনমাটিত অভিযন্তাৰ ডিঙি কাটি দুৰ্বৃত্তই নিলে ধন আৰু সোণৰ চেইন - Robbery in Noonmati

ক্ৰমান্বয়ে অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰী । এইবাৰ নুনমাটিত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি (Robbery in Noonmati)। অভিযন্তাৰ ডিঙি কাটি ডকাইতে কাঢ়ি নিলে ধন, সোণৰ চেইন আদি । নিউ গুৱাহাটী ৰেল আৰক্ষী আৰু নুনমাটি থানাত এজাহাৰ পৰিয়ালৰ ।

Guwahati robbery
ভুক্তভোগী অভিযন্তা

By

Published : Feb 23, 2022, 7:03 PM IST

গুৱাহাটী,২৩ ফেব্ৰুৱাৰী : মহানগৰীৰ নুনমাটি কেবিন চ'কৰ সমীপত মঙলবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা (Robbery at noonmati in Guwahati)। ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰি এগৰাকী অভিযন্তাৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধন আৰু মূল্যৱান সামগ্ৰী । নিশা প্ৰায় ৮ মান বজাত সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কিশোৰ কলিতা নামৰ অভিযন্তা তথা স্থানীয় লোকজন । আঘাতপ্ৰাপ্ত কিশোৰ কলিতাক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ মঠঘৰীয়াস্থিত গেট হাস্পতালত ভৰ্তি কৰায় ।

ভুক্তভোগী অভিযন্তা

জানিব পৰা মতে মঠঘৰীয়াৰ বড়ো চকৰ বাসিন্দা কিশোৰ কলিতা ৰে'ল বিভাগৰ এগৰাকী অভিযন্তা । চাকৰি সংক্ৰান্তত নিজ ঘৰৰ পৰা শিলচৰ অভিমুখে যাবলৈ সাজু হৈছিল কিশোৰ কলিতা । সেই অনুসৰি মঙলবাৰে নিশা মঠঘৰীয়াৰ পৰা ৰে'ল লাইনেৰে নুনমাটি অভিমুখে খোজ কাঢ়ি গৈ আছিল লোকজন । কিন্তু সেই অৱস্থাত এটা দুৰ্বৃত্তৰ দলে তেওঁক আক্ৰমণ কৰে ।

নুনমাটিত অভিযন্তাৰ ডিঙি কাটি দুৰ্বৃত্তই নিলে ধন আৰু সোণৰ চেইন

লোকজনক ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰি নগদ সাত হাজাৰ টকা, সোণৰ চেইন আৰু ম'বাইল ফোন কাঢ়ি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে । চোকা অস্ত্ৰৰ আঘাতত সংজ্ঞাহীন হৈ ৰে'ল লাইনতে বাগৰি পৰে । পাছত তেজেৰে লুতুৰী পুতুৰী অৱস্থাত অভিযন্তাজনক স্থানীয় লোকে ৰেল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰায় ।

সম্প্ৰতি কিশোৰ কলিতা সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে । অৱশ্যে ঘটনাক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্য এতিয়াও অব্যাহত আছে । ইফালে ভুক্তভোগী লোকজনৰ পৰিয়ালে নিউ গুৱাহাটী ৰেল আৰক্ষী আৰু নুনমাটি থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক:গৃহস্থক ৰচীৰে বান্ধি ডকাইতে চলালে চাফাই অভিযান

ABOUT THE AUTHOR

...view details