অসম

assam

ETV Bharat / state

বন্যপ্ৰাণী হত্যা কৰি নাগালেণ্ডত লগ ডাউন মহোৎসৱ ! - 12 ফুট দৈঘ্যৰ ফেঁটী সাপ

যুৱক দুজনে ভিডিঅ'টোত প্ৰকাশ কৰিছে যে তেওঁলোকে এইদৰে লক ডাউন মহোৎসৱ পালন কৰিছে ৷

Sensational hunting video viral from Nagaland at social media
লক ডাউনৰ সময়ছোৱাত নাগালেণ্ডৰ পৰা ভাইৰেল বন্যপ্ৰাণী হত্যাৰ এক শিহৰণকাৰী দৃশ্য

By

Published : Apr 20, 2020, 7:48 PM IST

গুৱাহাটী,20 এপ্ৰিল: বিশ্বজুৰি অব্যাহত আছে কভিড-১৯ কৰ'ণা ভাইৰাছৰ তাণ্ডৱ ৷ এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে লক ডাউনৰ নিচিনা কঠোৰ সিদ্ধান্ত ৷ সমগ্ৰ দেশতে লক ডাউন চলি থকাৰ বাবে মানৱ জাতি গৃহবন্দী হৈ থাকিবলৈ বাধ্য হোৱাৰ মাজতে কিছুলোকে আইন উলংঘা কৰি ভংগ কৰিছে লক ডাউনৰ নিৰ্দেশনা ৷ লক ডাউন আইন উলংঘা কৰি ৰাজপথলৈ ওলাই অহা সকলৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হৈছে যদিও ইয়াৰ মাজতে একাংশই লক ডাউনৰ আইন উলংঘা কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণ আইন ভংগ কৰি আৰম্ভ কৰিছে বন্যপ্ৰাণীৰ চিকাৰ ৷ লক ডাউনৰ মাজতে বন্যপ্ৰাণী চিকাৰৰ এক শিহৰণকাৰী ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে বিভিন্ন সামাজিক মাধ্যমত ৷

লক ডাউনৰ সময়ছোৱাত নাগালেণ্ডৰ পৰা ভাইৰেল বন্যপ্ৰাণী হত্যাৰ এক শিহৰণকাৰী দৃশ্য

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ অৰণ্যৰ মাজত দুজন যুৱকে কেইবাটাও হৰিণা আৰু হাপা চিকাৰ কৰি ভক্ষণৰ প্ৰস্তুতি চলাই থকাৰ এই দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন মহলৰ মাজত ৷ যুৱক দুজনে ভিডিঅ'টোত প্ৰকাশ কৰিছে যে তেওঁলোকে এইদৰে লক ডাউন মহোৎসৱ পালন কৰিছে ৷ ভিডিঅ'টোত এজন যুৱকে কোৱা অনুসৰি তেওঁলোক এসপ্তাহৰ বাবে মন নদীৰ কাষলৈ আহিছে আৰু এইদৰে হৰিণা আৰু হাপা চিকাৰ কৰি লক ডাউন মহোৎসৱ পালন কৰিছে ৷ ভিডিঅ'টোত প্ৰকাশ পোৱা দৃশ্য অনুসৰি যুৱক কেইজনে নদীৰ পাৰত মাছ চিকাৰ কৰি জুইত পুৰিছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ পৰাও অনুৰূপ ধৰণৰ এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল ৷ য'ত কেইজনমান অৰুণাচলী লোকে এটা 12 ফুট দৈৰ্ঘৰ ফেঁটী সাপ হত্যা কৰি ভক্ষণৰ বাবে প্ৰস্তুতি চলাই আছিল ৷

লগতে পঢ়কঃ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে

ABOUT THE AUTHOR

...view details