গুৱাহাটী, 24 মে':ধ্বংসৰ পথত আমাজন অফ ইষ্ট নামে খ্যাত দিহিং-পাটকাই বৰ্ষা অভয়াৰণ্য ৷ দেশত চলি থকা লক ডাউনৰ মাজতে অভয়াৰণ্যখনৰ 98.59 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে নেচনেল বৰ্ড অফ ৱাইল্ডলাইফে ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে অসমৰ ৰাইজ ৷ জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে অসমৰ ছাত্ৰসমাজৰ লগতে বিভিন্ন দল সংগঠন ৷ তেনেসময়তে দেওবাৰে দিহিং-পাটকাই বৰ্ষাণ্যত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা ৷
কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা - Senior SC advocate Upamanyu Hazarika at Dehing patkai
দেশত চলি থকা লক ডাউনৰ মাজতে অভয়াৰণ্যখনৰ 98.59 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে নেচনেল বৰ্ড অফ ৱাইল্ডলাইফে ৷
![কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা Senior SC advocate Upamanyu Hazarika visited Dehing patkai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7329805-thumbnail-3x2-p1.jpg)
দিহিং পাটকাইত উপস্থিত উপমন্যু হাজৰিকা
দিহিং পাটকাইত উপস্থিত হৈ কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা
ইয়াৰ পাছতে অভয়াৰণ্যখনৰ বহু ঠাই পৰিদৰ্শন কৰাৰ অন্তত কয়লা খননৰ বিৰুদ্ধে সৰৱ হৈ পৰে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা ৷ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মন্তব্য কৰে যে, কয়লা খননে ব্যাপকভাৱে ক্ষতি কৰিব দিহিং-পাটকাইক ৷ জীৱকুলৰ জীনৱলৈ আহিব চৰম ভাবুকি ৷
লগতে পঢ়কঃসাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন ! পোষ্টাৰক লৈ ক্ষুণ্ণ কংগ্ৰেছ মহল