অসম

assam

ETV Bharat / state

APCC joining programme: কংগ্ৰেছী হ’ল জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা - দেৱব্ৰত শইকীয়া

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী ৷ সাংবাদিক বেদব্ৰত বৰাসহ কেইবাগৰাকীও নেতাই আজি যোগদান কৰে কংগ্ৰেছত ৷ নতুন নেতাৰ যোগদানে কংগ্ৰেছক আগুৱাই নিব বুলি আশা প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

APCC joining programme
APCC joining programme

By

Published : Jul 13, 2023, 7:12 PM IST

গুৱাহাটীত কংগ্ৰছৰ যোগদান কাৰ্যসূচী

গুৱাহাটী, 13 জুলাই: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াৰ উপস্থিতিত বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াৰ উপস্থিতিত জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই কংগ্ৰেছত যোগদান কৰে ৷

লগতে শিৱসেনাৰ প্ৰাক্তন নেতা ৰাণা সেন ডেকা আৰু ৰে’ল কৰ্মচাৰী সন্থাৰ নেতা তৰণী চৰণ দাসে কংগ্ৰেছত যোগদান কৰে । যোগদান কৰা আটাইকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আদৰণি জনায় ।

অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অসম ৰাজনীতিৰ জটিল সন্ধিক্ষণত তেওঁলোকে কংগ্ৰেছ দলত যোগদান কৰিছে ৷ তেওঁ কয়, ‘‘সংবাদ মাধ্যমৰ শক্তিশালী যোদ্ধা হিচাপে জনজাত বেদব্ৰত বৰা আমাৰ মাজলৈ আহিছে । তেওঁ দলক আগুৱাই নিব বুলি আশা কৰিছো ।’’

ইফালে বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে বেদব্ৰত বৰাই সংবাদ মাধ্যমত ভাল‌ ভূমিকা লৈ আছে । বেদব্ৰত বৰাই নিশ্চয় দলক আগুৱাই নিব । অনুষ্ঠানত ভাষণ দি বেদব্ৰত বৰাই কয়, ‘‘গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে কংগ্ৰেছত যোগদান কৰিছো । সংবাদ মাধ্যমৰ লগত কংগ্ৰেছৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কংগ্ৰেছত যোগদান কৰিছো । ভৱিষ্যতে ৰাইজৰ সমস্যাসমূহ সঠিকভাৱে তুলি ধৰাৰ চেষ্টা কৰিম ৷’’

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ যদিহে মুখ্যমন্ত্ৰীয়ে এই সমষ্টি পুনৰ নিৰ্ধাৰণ ভাল হৈছে বুলি ভাবিছে তেন্তে ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰত্যাহ্বান ভূপেন বৰাৰ ৷ অনুষ্ঠানত কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাও উপস্থিত থাকে ৷

লগতে পঢ়ক:Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details