অসম

assam

ETV Bharat / state

কংগ্ৰেছ-এআইডিইউএফৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা

যদিহে কোনো বিৰোধী বিধায়কে ওলোটাখৰ নামাৰে তেন্তে অজিত কুমাৰ ভূঞা ৰাজ্যসভালৈ যোৱাটো প্ৰায় নিশ্চিত। কিন্তু সেয়া নিৰ্ভৰ কৰিব শাসক পক্ষই তৃতীয়খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নে নকৰে । কাৰণ পূৰ্বেও হৰ্ছ ট্ৰেডিঙৰ বাবে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ দৰে অৰাজনৈতিক ব্যক্তি পৰাজিত হৈছিল ৰাজ্য়সভাৰ নিৰ্বাচনত ।

By

Published : Mar 11, 2020, 6:28 PM IST

SENIOR JOURNALIST AJIT KUMAR BHUYAN WILL BE THE CANDIDATE FOR RAJYA SABHA ELECTION
কংগ্ৰেছ-এআইডিইউএফৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা

গুৱাহাটী, 11 মাৰ্চঃবিগত কেইবাদিন ধৰি ৰাজ্যসভাৰ তৃতীয়খন আসনৰ প্ৰাৰ্থীকলৈ ব্যাপক চৰ্চা অব্যাহত আছে। কোন হ'ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী। কা' বিৰোধী আন্দোলনৰ কোনো অৰাজনৈতিক ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে প্ৰধান বিৰোধী দল কংগ্ৰেছ-এআইডিইউএফে আগ্ৰহ প্ৰকাশ কৰিছিল। অৱশেষত অৱসান ঘটিল সকলো জল্পনা কল্পনাৰ। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে নিৰ্বাচিত হ'ল জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা।

কংগ্ৰেছ-এআইডিইউএফৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা

প্ৰাৰ্থিত্ব লাভৰ পিছতেই কা' বিৰোধী সকলো বিধায়কৰে সহায় বিচাৰিলে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । এইখিনিতে উল্লেখ কৰা ভাল যে, জাতীয় সমস্যাৰ ক্ষেত্ৰত পূৰ্বৰ পৰায়ে সৱলভাৱে মাত মাতি আহিছে অজিত কুমাৰ ভূঞাই। আপোচবিহীন সাংবাদিকতাৰ এক ধাৰাৰো সূচনা কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । যাৰ বাবে তেখেতৰ প্ৰাৰ্থিত্ব লাভৰ পিছতেই আনন্দিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন মহলৰ জনগণ । জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই ৰাজ্যৰ সমস্যা উচ্চ সদনত দাঙি ধৰিব বুলি আশাবাদী সকলো । উল্লেখযোগ্য যে, যদিহে কোনো বিৰোধী বিধায়কে ওলোটাখৰ নামাৰে তেন্তে অজিত কুমাৰ ভূঞা ৰাজ্যসভালৈ যোৱাটো প্ৰায় নিশ্চিত। কিন্তু সেয়া নিৰ্ভৰ কৰিব শাসক পক্ষই তৃতীয়খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নে নকৰে । কাৰণ পূৰ্বেও হৰ্ছ ট্ৰেডিঙৰ বাবে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ দৰে অৰাজনৈতিক ব্যক্তি পৰাজিত হৈছিল ৰাজ্য়সভাৰ নিৰ্বাচনত ।

ABOUT THE AUTHOR

...view details