অসম

assam

ETV Bharat / state

Adip Kumar Phukan book inaugurated: অদীপ কুমাৰ ফুকনৰ অসমৰ ছাত্ৰ আন্দোলন শীৰ্ষক গ্ৰন্থ উন্মোচন

বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনৰ (Senior journalist Adip Kumar Phukan) শেহতীয়া গ্ৰন্থ 'অসমৰ ছাত্ৰ আন্দোলন' উন্মোচন কৰা হয় (Assam Satro Andulon book inaugurated)৷

Senior Journalist Adip kumar Phukan  Assam Satro Andulon book inaugurated
Assam Satro Andulon book inaugurated: অদীপ কুমাৰ ফুকনৰ অসমৰ ছাত্ৰ আন্দোলন শীৰ্ষক গ্ৰন্থ উন্মোচন

By

Published : Dec 9, 2022, 3:57 PM IST

গুৱাহাটী, ৯ ডিচেম্বৰ : গুৱাহাটী প্ৰেছ ক্লাবত (Guwahati press club) শুকুৰবাৰে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী তথা জেষ্ঠ্য সাংবাদিক অদীপ কুমাৰ ফুকনৰ (Senior journalist Adip Kumar Phukan) শেহতীয়া গ্ৰন্থ 'অসমৰ ছাত্ৰ আন্দোলন' উন্মোচন কৰা হয় (Assam Satro Andulon book inaugurated)৷

শতিকাজোৰা অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাস সম্বলিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন (Senior Journalist Haidor Hussain), এসময়ৰ ছাত্ৰ নেতা তথা সাহিত্যিক ঋষিকেশ গোস্বামী, অভিনেত্ৰী ৰুণু দেৱী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷

এই অনুষ্ঠানটোত অদীপ কুমাৰ ফুকনে গ্ৰন্থখনৰ পটভূমি আৰু বিষয়বস্তু সন্দৰ্ভত চমু আলোকপাত কৰে ৷ উন্মোচক ঋষিকেশ গোস্বামীয়ে নিজৰ ছাত্ৰ জীৱনৰ আন্দোলনৰ কথা স্মৰণ কৰি নৱপ্ৰজন্মই অসমৰ ঐতিহাসিক আন্দোলনবোৰৰ সন্দৰ্ভত জ্ঞান অৰ্জন কৰাটো প্ৰয়োজন বুলি উল্লেখ কৰে ৷

উন্মোচনী ভাষণত জ্য়েষ্ঠ সাংবাদিক হাইদৰ হুছেইনে নিৰপেক্ষ আৰু নিৰ্মোহ বিশ্লেষণৰ অসমৰ ছাত্ৰ আন্দোলনকে ধৰি অন্য ক্ষেত্ৰসমূহৰো ইতিহাসৰ গ্ৰন্থ প্ৰণয়নত গুৰুত্ব দিবলৈ সচেতন সমাজক আহ্বান জনায়। যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে (AJYCP GS Palash Changmai) অসমৰ নৱ প্ৰজন্মক এই গ্ৰন্থখনে গৱেষণাৰ সমল যোগাব বুলি উল্লেখ কৰে।

আনহাতে, ৰুণু দেৱীয়েও অসমৰ শিক্ষা-সাহিত্য জগতত অসমৰ ছাত্ৰ আন্দোলন নামৰ গ্ৰন্থখন এক মাইলৰ খুঁটি বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে দেশৰ ভিতৰত বিহাৰৰ পিছতে অসমত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনে ইতিমধ্যে শতবৰ্ষ গৰকিছে। এই বিগত এশটা বছৰত হোৱা বিভিন্ন ছাত্ৰ সংগঠন আৰু ছাত্ৰ আন্দোলনৰ বিষয়বস্তু সামৰি গ্ৰন্থখন প্ৰস্তুত কৰি উলিওৱা হৈছে। অসমৰ অভিজাত প্ৰকাশন প্ৰতিষ্ঠান ৰেখা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত বহুকেইগৰাকী এসময়ৰ ছাত্ৰ নেতা উপস্থিত থাকে। লগতে ৰাজ্যৰ বহুকেইটা ছাত্ৰ সংগঠনৰ নেতা-কর্মীও উপস্থিত থাকে।

উপস্থিত ৰাইজৰ তৰফৰ পৰা বহুকেইগৰাকী ব্যক্তিয়ে গ্ৰন্থখনৰ ওপৰত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷ তাৰে ভিতৰত বিমল চৌধুৰী, মনোজ দাস, ৰবীন দত্ত, মীৰা বৰঠাকুৰ আদিয়ে আগন্তুক দিনত গ্ৰন্থখন এক ঐতিহাসিক দলিল হিচাপে পৰিগণিত হ'ব বুলি মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক:Bhaul Festival Of Assam: আঘোণৰ পূৰ্ণিমাৰ নিশা সত্ৰনগৰীত ঘৰে ঘৰে ঠিয় নাম পৰিৱেশন

ABOUT THE AUTHOR

...view details