হাঁহিৰাম মন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল জেষ্ঠ নাগৰিক
হাঁহিৰাম মন্ত্ৰী পল্লৱলোচন দাসৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মালিগাৱঁৰ জেষ্ঠ নাগৰিক সমাজ
গুৱাহাটী,3 এপ্ৰিলঃনিৰ্বাচনী প্ৰচাৰৰ নামত মন্ত্ৰী তথা লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ সীমা চেৰাই যোৱা মন্তব্যৰ পাছতে জাঙুৰ খাই উঠে মালিগাঁৱৰ জেষ্ঠ নাগৰিক সমাজ ৷ বুধবাৰে মালিগাঁৱত জেষ্ঠ নাগৰিকসকলে এক সভাৰ আয়োজন কৰি মন্ত্ৰী গৰাকীকক সকীয়নি প্ৰদান কৰে ৷ উল্লেখ্য যে, দুদিন পূৰ্বে পল্লৱলোচন দাসে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুক আক্ৰমণ কৰিবলৈ গৈ বুঢ়া গৰু বুলি কৈছিল ৷ ষাঠিৰোৰ্দ্ধৰ লোকক বুঢ়া গৰু বুলি কৈ সমগ্ৰ জেষ্ঠ নাগৰিকক অপমান কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷