অসম

assam

ETV Bharat / state

পবিত্ৰ ঈদ উপলক্ষে গুৱাহাটীত চেনেহৰ মেহফিল

স্বেচ্ছাসেৱী সংস্থা দলংৰ উদ্যোগত পবিত্ৰ ঈদ উপলক্ষে অহা 15 জুনত অনুষ্ঠিত কৰা হ’ব চেনেহৰ মেহফিল ৷

By

Published : Jun 12, 2019, 1:30 AM IST

পবিত্ৰ ঈদ উপলক্ষে গুৱাহাটীত চেনেহৰ মেহফিল

গুৱাহাটী,12 জুনঃঅহা 15 জুন অৰ্থাৎ শনিবাৰে সন্ধিয়া 5.30 বজাত গুৱাহাটীৰ জিলা পুথি ভঁৰালৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন কৰা হ’ব চেনেহৰ মেহফিল অনুষ্ঠান । স্বেচ্ছাসেৱী সংস্থা দলংৰ উদ্যোগত পবিত্ৰ ঈদ উপলক্ষে আয়োজন কৰা হ’ব এই অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত জিকিৰ, কাৱালী, বৰগীত লগতে সংগীতৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে আয়োজক সকলে ।

পবিত্ৰ ঈদ উপলক্ষে গুৱাহাটীত চেনেহৰ মেহফিল

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব প্ৰথিতযশা সংস্কৃত পণ্ডিত মহম্মদ হানিফ খান । ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক সম্প্ৰীতিৰ বঁটা আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত এই ব্যক্তি জনৰ উপস্থিতিত অনুষ্ঠানত মতামত বিনিময়ৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে আয়োজকে ।

ABOUT THE AUTHOR

...view details