গুৱাহাটী, ৮ মাৰ্চ: আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সোমবাৰে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আয়োজন কৰা বিশেষ টীকাকৰণ শিবিৰত চেনেহ বৃদ্ধাশ্ৰমৰ আবাসীৰ টীকাকৰণ সম্পন্ন কৰা হয় । এই কাৰ্যসূচী উদ্বোধন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই ৷
বিশেষ টীকাকৰণ শিবিৰত গুৱাহাটীৰ চেনেহ বৃদ্ধাশ্ৰমৰ ২৬ গৰাকী আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডাঃ এছ লক্ষ্মণন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা আৰু চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীসকল ৷
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, সোণাপুৰ জিলা চিকিৎসালয় আৰু ধীৰেণপাৰা আৰু পাণ্ডু এফ আৰ ইউত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ মহিলাৰ বাবে বিশেষ টীকাকৰণ শিবিৰ আয়োজন কৰা হয় ৷