'চলো পাল্টাই'ৰ বিৰুদ্ধে একত্ৰিত দল-সংগঠন
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি, জনগোষ্ঠীয় সমন্বয় সমিতি, মিঞা ছাত্ৰ পৰিষদ, মিঞা যুৱ পৰিষদকে আদি কৰি একাধিক সংগঠনে 'চলো পাল্টাই' পৰা পৰিত্ৰাণৰ প্ৰতিকাৰৰ উপায় বিচাৰি এক মুকলি আলোচনা সভাত মিলিত হয়
গুৱাহাটী, 30 জুনঃ 'চলো পাল্টাই' ৰ বিৰুদ্ধে গুৱাহাটীত একত্ৰিত হ'ল অসমৰ বহু কেইটা সংগঠন ৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত খিলঞ্জীয়া অধিকাৰ সুৰক্ষা অসমৰ জনগোষ্ঠীয় সমন্বয় সমিতি, মিঞা ছাত্ৰ পৰিষদ, মিঞা যুৱ পৰিষদকে আদি কৰি একাধিক সংগঠনে 'চলো পাল্টাই' পৰা পৰিত্ৰাণৰ প্ৰতিকাৰৰ উপায় বিচাৰি এক মুকলি আলোচনা সভাত মিলিত হয় ৷ যত দিল্লীৰ পৰা কলকাতালৈ নিয়ন্ত্ৰণ হোৱা 'চলো পাল্টাই'ৰ বিৰুদ্ধে সংঘবদ্ধ হয় সকলো ৷ মুকিল সভাত এই ষড়যন্ত্ৰত ভৰি নিদিবলৈ জনসাধৰণক আহ্বান জনায় সংগঠনকেইটাৰ সদস্যসকলে ৷ লগতে এনআৰচি নামত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়াল,প্ৰাক্তন সেনা বিষয়া হাৰাশাস্তিৰ সন্মুখীন হৈ ডিটেনচন কেম্পত থাকিব লগা হৈছে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে ।