অসম

assam

ETV Bharat / state

Gobordhana Scheme: ষ্টাফ কলেজত কেন্দ্ৰীয় চৰকাৰৰ গোৱর্ধন আঁচনি সন্দর্ভত আলোচনাচক্ৰ - HSLC Paper leak case

দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ গোৱর্ধন আঁচনি সন্দর্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত হয় খানাপাৰাস্থিত ষ্টাফ কলেজত (Seminar on Gobordhana Scheme) । উক্ত আলোচনাচক্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গো-পালকসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।

Seminar on Gobordhana Scheme
ষ্টাফ কলেজত কেন্দ্ৰীয় চৰকাৰৰ গোৱর্ধন আচনি সন্দর্ভত আলোচনাচক্ৰ

By

Published : Mar 19, 2023, 4:46 PM IST

ষ্টাফ কলেজত কেন্দ্ৰীয় চৰকাৰৰ গোৱর্ধন আচনি সন্দর্ভত আলোচনাচক্ৰ

গুৱাহাটী,১৯ মাৰ্চ: দেওবাৰে মহানগৰীৰ খানাপাৰাস্থিত ষ্টাফ কলেজত আয়োজন কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ গোৱর্ধন আঁচনি সন্দর্ভত এক আলোচনাচক্ৰ(Seminar on Gobordhana Scheme) ৷ এই আলোচনাচক্ৰখনত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গো-পালক সকল ৷ ৰাজ্যত কেনেদৰে আঁচনিৰ কাম ৰূপায়ণ কৰা হ’ব সেই বিষয়ত আজিৰ এই আলোচনাচক্ৰত পর্যালোচনা হয় ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গোশালা আৰু দুগ্ধ উন্নয়ন সমিতিক সমূহক লৈ এই আলোচনা কৰা হয় । মূলত গোৱৰেৰে কেনেদৰে বায়ু গেছ আৰু সাৰ প্ৰস্তুত কৰিব পাৰি তাৰ ওপৰত বিশেষ উপস্থাপন প্ৰদর্শন কৰা হয় । লগতে গেছ আৰু সাৰ প্ৰস্তুত কৰা অত্যাধুনিক বিজ্ঞানসন্মত প্লাণ্ট বিনামূলীয়াকৈ বহুৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । উক্ত অনুষ্ঠাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত মেট্ৰিক পৰীক্ষাৰ পেপাৰ ফাদিল সন্দর্ভত মন্তব্য প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(HSLC Paper leak case) । মন্ত্ৰীগৰাকীয়ে কয় যে এয়া অত্যন্তই দুৰ্ভাগ্যজনক(Jayanta Malla Baruah react on HSLC Paper leak) ।

এই ক্ষেত্ৰত অত্যন্ত কঠোৰ হ'ব আৰক্ষী, চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা ৷ দোষী কোনো কাৰণতে শাৰী যাব নোৱাৰে ৷ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলক লৈও মন্তব্য প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । লগতে তেওঁ কয় যে এইবাৰ শিপাডাল বিচাৰি পাইছে গতিকে কোনো কোনো সাৰি যাব নোৱাৰিব । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে জল জীৱন মিছনৰ আধাৰত গাঁৱৰ কৰ্মচাৰীসকলক এংগেজমেণ্ট লেটাৰ প্ৰদান কৰি দৰমহা দি থকা হৈছে ।

পূৰ্বৰে পৰা গুৱাহাটীটো এনে পানী যোগান আঁচনি আছিল যদিও জল জীৱন মিছন কেৱল গাঁৱৰ বাবেহে । এতিয়া গুৱাহাটীত নিয়োজিত অস্থায়ী কৰ্মচাৰীসকলক জল বোৰ্ডৰ আধাৰত সংস্থাপনৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত চিন্তা কৰি থকা হৈছে ।

লগতে পঢ়ক:Check Bounce issue : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্স সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details