অসম

assam

ETV Bharat / state

ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ অসমৰ স্বাস্থ্য বিভাগৰ - health minister himanta biswa sarma

সমগ্ৰ দেশজুৰি ১ মে'ৰ পৰা ১৮ বছৰ বয়সৰ পৰা সকলোকে বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে অসম চৰকাৰ । ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই হায়দৰাবাদস্থিত ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে ৷

অসমৰ স্বাস্থ্য বিভাগে ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ
অসমৰ স্বাস্থ্য বিভাগে ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ

By

Published : Apr 21, 2021, 2:34 PM IST

গুৱাহাটী, ২১ এপ্ৰিল : সমগ্ৰ দেশজুৰি ১ মে'ৰ পৰা ১৮ বছৰ বয়সৰ পৰা সকলোকে বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে অসম চৰকাৰ । ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই হায়দৰাবাদস্থিত ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে । ভাৰত বায়'টেকলৈ প্ৰেৰণ কৰা পত্ৰখনত এক কোটি পালি ক'ভাক্সিন অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হয় । এই বৃহৎ সংখ্যক প্ৰতিষেধক ক্ৰয় কৰা প্ৰক্ৰিয়াটোত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ মিছন ডাইৰেক্টৰ ডঃ লক্ষ্মনন এছ ন'ডেল বিষয়া হৈ থাকিব বুলিও পত্ৰখনত উল্লেখ কৰা হয় ।

অসমৰ স্বাস্থ্য বিভাগে ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বিগত বৰ্ষত ৰাজ্যত হোৱা ক'ভিড সংক্ৰমণৰ সময়ত আৰোগ্য নিধিত যি ধনৰাশি জমা হৈছিল, তাৰ পৰাই এই এক কোটি পালি ক'ভাক্সিন ক্ৰয় কৰা হ’ব ।

লগতে পঢ়ক : কলিয়াবৰত ক'ভিডত আক্ৰান্তৰ সংখ‍্যা ২২ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details