স্বাধীনতা দিৱসক লৈ সষ্টম ৰে'ল সুৰক্ষা বাহিনী - জেহাদী
কূটাঘাতকাৰীৰ কূটাঘাতমূলক ষড়যন্ত্ৰ ৰোধিবলৈ ৰে'লৱে ট্ৰেকসমূহ পৰীক্ষা কৰা আৰু যাত্ৰীবাহী ৰে'লসমূহৰ ওপৰতো চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে ৷
![স্বাধীনতা দিৱসক লৈ সষ্টম ৰে'ল সুৰক্ষা বাহিনী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4075333-thumbnail-3x2-l.jpg)
গুৱাহাটী, 8 আগষ্টঃস্বাধীনতা দিৱসৰ প্ৰকমুহূৰ্তত তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষীৰ লগতে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ ৰে'ল সুৰক্ষা বাহিনীও। উত্তৰ-পূৱৰ সন্ত্ৰাসবাদী সংগঠনৰ লগতে জেহাদী কূটাঘাতকাৰীৰ টাৰ্গেট হৈ পৰিছে গুৱাহাটী মহানগৰী। সেয়ে কূটাঘাতকাৰীৰ কূটাঘাতমূলক ষড়যন্ত্ৰ ৰোধিবলৈ ৰে'লৱে ষ্টেচনত স্নিফাৰ ড'গেৰে পহৰা দিয়াৰ লগতে ৰে'লৱে ট্ৰেকসমূহ পৰীক্ষা কৰা আৰু যাত্ৰীবাহী ৰে'লসমূহৰ ওপৰতো চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে ৷ মহানগৰবাসীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত দিনে নিশাই অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীৰ লগতে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ ৰে'ল সুৰক্ষা বাহিনী । কেন্দ্ৰীয়ভাৱে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ নিৰাপত্তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী আৰু ৰেটল সুৰক্ষা বাহিনী।