অসম

assam

ETV Bharat / state

GMC elections 2022 : গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা - উপ-আৰক্ষী অধীক্ষক

গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত হ'বলগীয়া আৰক্ষীৰ লোকক প্ৰশিক্ষণ প্ৰদান । নিৰাপত্তাৰক্ষীৰ উপৰি ৭৪ জন ছেক্টৰ অফিচাৰ আৰু ৮ জন জ’নেল অফিচাৰক নিয়োগৰ ব্যৱস্থা (security arrangements for GMC elections 2022)।

security arrangements for GMC elections 2022
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা

By

Published : Apr 13, 2022, 10:45 PM IST

গুৱাহাটী, ১৩ এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC elections 2022) দিন চমু চাপি অহাৰ লগে লগে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসন । সু-শৃংখল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত আৰক্ষী প্ৰশাসনে কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে (security arrangements for GMC elections 2022)। এই উদ্দেশ্যে বুধবাৰে গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত হ'বলগীয়া আৰক্ষীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

উল্লেখ্য যে, প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে ৭৪ জন ছেক্টৰ অফিচাৰ আৰু ৮ জন জ’নেল অফিচাৰ নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে । ছেক্টৰ পৰ্যায়ত আৰক্ষী উপ-পৰিদৰ্শক নিয়োগ কৰাৰ বিপৰীতে সৰ্বমুঠ ৮ টা জ’নৰ প্ৰতিটো জ’ন একোগৰাকী উপ-আৰক্ষী অধীক্ষকৰ তত্বাৱধানত থাকিব ।

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা

আনহাতে, ছেক্টৰ অফিচাৰসমূহৰ লগত থাকিব নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী । ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্পৰ্শকাতৰ বিবেচিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অধিক সশস্ত্ৰ আৰক্ষীৰ লোক নিয়োগ কৰা হ’ব । বুধবাৰে গুৱাহাটী কমাৰ্চ কলেজত আৰক্ষী আৰু ভোটগ্ৰহণত নিয়োজিত হ'বলগীয়া বিষয়াবৰ্গৰ ‘গ্ৰুপিং’ কৰাৰ পিছত ১৮ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰক্ষীৰ দ্বিতীয় তথা শেষ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী ।

আনহাতে, যিকোনো সময়ত আৰক্ষীৰ সাহায্যৰ বাবে খোলা ৰখা হৈছে হেল্পলাইন নম্বৰ । এইক্ষেত্ৰত প্ৰয়োজন হ’লে ১০০ অথবা ১১২ নম্বৰত ডায়েল কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে । ইপিনে গুৱাহাটী কমাৰ্চ কলেজত বুধবাৰে পৌৰ নিগমৰ নিৰ্বাচনত নিয়োজিত ৮৩৫ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২৫০৫ গৰাকী প’লিং বিষয়াৰো ‘গ্ৰুপিং’ সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :Crime statistics in Guwahati: অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ

ABOUT THE AUTHOR

...view details