অসম

assam

ETV Bharat / state

কামৰূপ মহানগৰত ৮ মে' পৰ্যন্ত বন্ধ থাকিব বিদ্যালয় - covid19

গুৱাহাটীত ভয়াৱহভাৱে বৃ্দ্ধি পাইছে ক'ভিত আক্ৰান্তৰ সংখ্যা ৷ এই ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি ৮ মে' পৰ্যন্ত কামৰূপ (ম) জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

কামৰূপ (ম)ৰ প্ৰতিখন মাধ্যমিক বিদ্যালয় ৮ মে' পৰ্যন্তলৈকে বন্ধ ঘোষণা
কামৰূপ (ম)ৰ প্ৰতিখন মাধ্যমিক বিদ্যালয় ৮ মে' পৰ্যন্তলৈকে বন্ধ ঘোষণা

By

Published : Apr 26, 2021, 9:31 PM IST

Updated : Apr 26, 2021, 10:53 PM IST

গুৱাহাটী, ২৬ এপ্ৰিল : দেশৰ লগতে ৰাজ্যত ভয়াবহ হাৰ বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত সংখ্যা ৷ ৰাজ্যৰ ৰাজধানী গুৱাহাটীতে ক'ভিডত আক্ৰান্ত সংখ্যা সৰ্বাধিক ৷ ক'ভিডৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মঙলবাৰৰ পৰা ৮ মে' পৰ্যন্ত কামৰূপ (ম) জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

কামৰূপ (ম)ৰ প্ৰতিখন মাধ্যমিক বিদ্যালয় ৮ মে' পৰ্যন্তলৈকে বন্ধ ঘোষণা

স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছিল যে যিখন জিলাতে ক'ভিডত আক্ৰান্তৰ সংখ্যাই 100 ঘৰ অতিক্ৰম কৰিব সেইখন জিলাতে শিক্ষানুষ্ঠান বন্ধ দিয়া হব ৷ ইয়াৰ লগতে কামৰূপ মহানগত 1000 অধিক আক্ৰান্ত হ’লে বিদ্যালয়ৰ প্ৰাথমিকৰ ওপৰৰ শ্ৰেণীৰ পাঠদান বন্ধ কৰাৰ বাবেও নিৰ্দেশ দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ সেই মৰ্মে সোমবাৰে বিয়লি কামৰূপ (ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে গুৱাহাটীস্থিত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ থকা সকলো বিদ্যালয় বন্ধৰ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক: জীৱন মৰাণৰ প্ৰত্যাৱৰ্তন : প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাৰ প্ৰতিক্ৰিয়া

Last Updated : Apr 26, 2021, 10:53 PM IST

ABOUT THE AUTHOR

...view details